নেশ্যনেল ডেস্ক, ১২ জুন: লক ডাউনৰ ফলত আৰ্থিক সংকটে দেখা দিয়া আৰু কৰ্মচাৰীসকলক সঠিকভাৱে দৰমহা দিব নোৱাৰা দেশৰ ব্যক্তিগত কোম্পানীসমূহৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানি । কোম্পানীসমূহে ঋণ পৰিশোধ নকৰিলেও আগন্তুক জুলাই মাহলৈকে ব্যক্তিগত কোম্পানীসমূহৰ ওপৰত কোনো জোৰ নিদিবলৈ শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় উচ্চতম ন্যায়ালয়ে ।
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অশোক ভুষণ,সঞ্জয় কিশান কৌল আৰু এম আৰ শ্বাহৰ বিচাৰপীঠে কয় যে,ব্যৱসায় খণ্ডসমূহ পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিবলৈ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু কৰ্মচাৰীসকলক কিছু সময়ৰ প্ৰয়োজন,দুয়োটা দিশৰ পৰা আলোচনাত মিলিত হোৱা উচিত আৰু দৰমহাৰ ক্ষেত্ৰত ইটোৱে আনটোৰ মাজত বুজাবুজিৰ প্ৰয়োজন ।