অসম

assam

ETV Bharat / entertainment

কিয় হঠাৎ ৰুদ্ৰমূৰ্তি ধাৰণ কৰিলে কৰণ জোহৰে ?

Koffee With Karan 8: বলীউডৰ বহু তাৰকাই এতিয়ালৈকে কৰণ জোহৰৰ কফি শ্ব’ কফি উইথ কৰণ ৮ত অংশগ্ৰহণ কৰিছে । এই ছিজনৰ আৰম্ভণি হৈছিল দীপিকা পাডুকোন আৰু ৰণবীৰ সিঙৰ খণ্ডটোৰ পৰা য’ত তেওঁলোকৰ ব্যক্তিগত জীৱনৰ বহু কথা আলোচনা হোৱাই নহয়, তেওঁলোকৰ বিবাহৰ ভিডিঅ’ও শ্বেয়াৰ কৰিছিল । কিন্তু শেহতীয়াকৈ এই শ্ব’টোক লৈ ৰুদ্ৰমূৰ্তি ধাৰণ কৰিলে কৰণ জোহৰে, কিন্তু কিয় ? পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন...

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 2:30 PM IST

'Tum apna ghar dekho', why Karan Johar got angry after Deepika-Ranveer episode
কিয় হঠাৎ খঙত ৰুদ্ৰমূৰ্তি ধাৰণ কৰিলে কৰণ জোহৰে ?

চিটাৰা ডেস্ক, 14 ডিচেম্বৰ: কৰণ জোহৰে পুনৰবাৰ নিজৰ টক শ্ব’ ‘কফি উইথ কৰণ-৮’ৰ জৰিয়তে দৰ্শকক মনোৰঞ্জন দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে । এতিয়ালৈকে এই ছিজনৰ ৭টা খণ্ড সম্প্ৰচাৰিত হৈছে । এতিয়ালৈকে কৰণ জোহৰৰ এই শ্ব’টোত ৰাণী মুখাৰ্জী, কাজোল আৰু আলিয়া ভাটৰ দৰে বহু তাৰকাক দেখা গৈছে ।

শীঘ্ৰেই কফি উইথ কৰণৰ অষ্টম খণ্ডত অংশগ্ৰহণ কৰিবলৈ ওলাইছে আদিত্য ৰয় কাপুৰ আৰু অৰ্জুন কাপুৰ, যাৰ প্ৰমো ইতিমধ্যে দৰ্শকৰ সন্মুখত প্ৰকাশ পাইছে । শেহতীয়াকৈ এই খণ্ডটোত কৰণ জোহৰে দীপিকা-পাডুকোন আৰু ৰণবীৰ সিঙৰ খণ্ডটোৰ পিছত কিয় খং উঠিছিল সেই বিষয়ে সামাজিক মাধ্যমত মুকলিকৈ প্ৰকাশ কৰে ।

কফি উইথ কৰণত আদিত্য ৰয় কাপুৰ আৰু অৰ্জুন কাপুৰে নিজৰ বিষয়ে কথা পাতিছিল যদিও ইয়াৰ সময়ত শ্ব'টোৰ আতঃধৰোঁতা কৰণ জোহৰে কৈছিল যে তেওঁৰ প্ৰথমটো খণ্ডত য'ত দীপিকা আৰু ৰণবীৰ সিং অতিথি হিচাপে আহিছিল । তাৰ পিছত ছ’চিয়েল মিডিয়াত ট্ৰলিং কৰা ধৰণটো চাই ছ’চিয়েল মিডিয়াত পৰিচালকজনৰ খং যথেষ্ট বৃদ্ধি পাইছিল ।

কৰণ জোহৰে কয়, "মই ভাবো আমি তিনিওজনে খণ্ডটোত আমাৰ আৱেগ অতি স্পষ্ট আৰু মুকলিকৈ প্ৰকাশ কৰিছিলোঁ, কিন্তু তাৰ পিছত মই দেখা আফটাৰ ইফেক্টটো অতি নিন্দনীয় আছিল । মই সঁচাকৈয়ে ক'ব বিচাৰো যে সেই খণ্ডটোৰ প্ৰতি মানুহে যি ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল, সেইটোৱে মোক খং অধিক বৃদ্ধি কৰিছিল ৷"

'প্ৰথমে তুমি নিজৰ ঘৰখন চোৱা'- কৰণ জোহৰ

কেৱল ইয়াতে কৰণ জোহৰৰ ক্ষোভ কমি যোৱা নাছিল, আদিত্য আৰু অৰ্জুনৰ সৈতে হোৱা খণ্ডটোত দীপিকা পাডুকন আৰু ৰণবীৰ সিঙক ট্ৰলিং কৰাক লৈ ক্ষোভ প্ৰকাশ কৰি কয়, তেওঁ কয় যে-

"মই ভাবো সেইটো আমাৰ শ্ৰেষ্ঠ খণ্ড আছিল । তেওঁলোক সম্পূৰ্ণ সৎ আছিল । তেওঁলোকে সেই খণ্ডটো জয় কৰিছিল । তেওঁলোকে নিজৰ বিষয়ে কথা পাতিছিল, ইমানবোৰ কথা শ্বেয়াৰ কৰিছিল । দুয়োজনেই আচৰিত আছিল । আপোনালোকে তেওঁলোকৰ বাবে অযথা কথা কৈ আছে ।"

সেই সময়ছোৱাত মোৰ মনলৈ অহা একমাত্ৰ কথাটো আছিল আপুনি কাৰোবাৰ ব্যক্তিগত জীৱন আৰু বিবাহৰ বিষয়ে জানেনে” ? কৰণে ক'লে, মই মাত্ৰ তেওঁলোকক কেৱল এটাই কথা ক'ম, "প্ৰথমে তুমি নিজৰ ঘৰখন চোৱা।"

এনেদৰে খঙত উগ্ৰ হৈ সামাজিক মাধ্যমযোগে নিজৰ ক্ষোভ প্ৰকাশ কৰে কৰণ জোহৰে ৷ উল্লেখ্য যে, কফি উইথ কৰণৰ প্ৰথমটো খণ্ডত অতিথি হিচাপে উপস্থিত আছিল দীপিকা পাডুকোন আৰু ৰণবীৰ সিং ৷ এই শ্ব’টোত দীপিকা-ৰণবীৰৰ ব্যক্তিগত জীৱনৰ বহু কথাই আলোচনা কৰা হয় ৷ যাৰ শ্ব’টোকলৈ বহু সমলোচনাৰ সৃষ্টি হয় ৷ যাৰ পিছত কৰণ জোহৰকৈ বহুতে কটু বাক্যও প্ৰয়োগ কৰে ৷ যাৰ প্ৰতিক্ৰিয়া স্বৰূপ কৰণ জোহৰে নিজৰ ক্ষোভ প্ৰকাশ কৰে ৷

লগতে পঢ়ক:অনন্যা পাণ্ডেৰ সৈতে সম্পৰ্কত আছে নেকি আদিত্য ৰয় কাপুৰ ? এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অভিনেতাগৰাকীৰ

ABOUT THE AUTHOR

...view details