চিটাৰা ডেস্ক, 4 অক্টোবৰ: অভিনেত্ৰী ৰ’চেল ৰাওৰ ঘৰলৈ আহিছে ভাল খবৰ । ‘দ্য কপিল শৰ্মা শ্ব’ৰ অভিনেত্ৰীগৰাকীয়ে জন্ম দিছে এটি মৰমলগা কন্যা । ৰ’চেল ৰাও আৰু স্বামী কিথ চেকুইৰাই ইনষ্টাগ্ৰামত অনুৰাগীৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰিছে । ইয়াৰ লগতে তেওঁৰ মৰমৰ কন্যাৰ ভৰিৰ এখন ছবিও শ্বেয়াৰ কৰিছে । বিবাহৰ পাঁচ বছৰৰ পাচত পিতৃ-মাতৃ হোৱাৰ সৌভাগ্য লাভ কৰিছে এই দম্পতীয়ে । যাৰ বাবে ৰ’চেল ৰাও আৰু কিথ চেকুইৰাৰ সুখৰ কোনো সীমা নাই । ১ অক্টোবৰত ৰ’চেল ৰাৱে জন্ম দিছিল এটি কন্যা সন্তান ।
৩ অক্টোবৰত ৰ’চেল ৰাও আৰু কিথ চেকুইৰাই নিজৰ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰিছিল, য’ত তেওঁলোকে কন্যাৰ পিতৃ-মাতৃ হোৱাৰ ভাল খবৰটো অনুৰাগীক দিছিল । ৰ’চেলে পোষ্টটো শ্বেয়াৰ কৰি লিখিছিল, ‘‘এগৰাকী কন্যাৰ ৰূপত আমি লাভ কৰা ঈশ্বৰৰ এই মহান আশীৰ্বাদৰ প্ৰশংসা কৰি আছো । আমি ধন্য হৈছো । ২০২৩ চনৰ ১ অক্টোবৰত জন্ম হৈছিল বেবী চেকুইৰা ।’’
ৰ’চেল ৰাওৱে পোষ্টটোত লগতে লিখিছে, ‘‘বন্ধুসকল, আপোনালোকৰ মৰম আৰু সমৰ্থনৰ বাবে আন্তৰিক ভাৱে ধন্যবাদ । এই শিশুটিৰ বাবে মই ভগৱানক বিচাৰিছিলোঁ আৰু তেওঁ মোক দিছে ।’’
বেবী শ্বাৱাৰত ধুনীয়া দেখা গৈছিল ৰ’চেল ৰাওক