অসম

assam

ETV Bharat / entertainment

অংকিতা লোখাণ্ডেৰ সন্দৰ্ভত মন্তব্য শাহুৱেকৰ, অংকিতাৰ সমৰ্থনত ওলাই আহিল কংগনা ৰনৌত

Kangana Ranaut Supports Ankita Lokhande: এই সপ্তাহত বিগ বছত চলি আছে পৰিয়ালৰ সপ্তাহ । য’ত প্ৰতিযোগীৰ পৰিয়ালৰ কোনোবা এজন সদস্যই তেওঁলোকক লগ কৰিবলৈ আহিছে । শেহতীয়াকৈ অংকিতা আৰু বিকিৰ মাক আহিছিল শ্ব’টোলৈ ।

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 1:35 PM IST

Bigg Boss 17: Kangana Ranaut Supports Ankita Lokhande
অংকিতাৰ সমৰ্থনত কংগনা ৰনৌত

চিটাৰা ডেস্ক, ১০ জানুৱাৰী: বিগ বছ ১৭ত অংশগ্ৰহণ কৰাৰ পিচৰে পৰা অংকিতা লোখাণ্ডে আৰু বিকি জৈনৰ মাজত প্ৰতিদিনে কেৱল মনোমালিন্য দেখা পোৱা গৈছে । তৰ্ক-বিতৰ্কৰ সময়ত দুয়োগৰাকীয়ে প্ৰায়ে ইগৰাকীয়ে সিগৰাকীক নেতিবাচক মন্তব্য কৰা দেখা যায়, তাৰ পিচতে দৰ্শকে অনুমান কৰিবলৈ ল’লে যে বিগ বছৰ পিচত তেওঁলোকৰ সম্পৰ্ক বেছি দিনলৈ টিকি নাথাকিব ।

শেহতীয়াকৈ অংকিতাৰ শাহুৱেকে এটা সাক্ষাৎকাৰ দিছিল যিটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ইফালে অংকিতা লোখণ্ডেৰ সমৰ্থনত ওলাই আহিছে বলীউডৰ অভিনেত্ৰী কংগনা ৰনৌত । মণিকৰ্ণিকা ছবিখনত অংকিতা আৰু কংগনাই একেলগে কাম কৰিছিল । তেতিয়াৰ পৰা কংগনাক প্ৰায়ে অংকিতাৰ প্ৰশংসা কৰা দেখা যায় । এতিয়া কংগনাই বিগ বছৰ বাবে অংকিতাক সমৰ্থন কৰিছে । অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত অংকিতাৰ সমৰ্থনত এটা পোষ্ট শ্বেয়াৰ কৰিছে ।

শেহতীয়াকৈ বিকি জৈনৰ মাতৃয়ে সাক্ষাৎকাৰত কৈছিল যে অংকিতা এই শ্ব’টোত জয়ী হোৱাৰ যোগ্য । কংগনাই অংকিতাক বিকি জৈনৰ মাতৃৰ এই সাক্ষাৎকাৰৰ ভিডিঅ’ শ্বেয়াৰ কৰি সমৰ্থন কৰিছে ।

ভিডিঅ’টো শ্বেয়াৰ কৰি কংগনাই লিখিছে - মিডিয়াই পৰিয়ালটো ভাঙিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে । অংকিতাৰ শাহুৱেকে অংকিতাক কেনেদৰে সমৰ্থন কৰি আছে মিডিয়াই সেইটো দেখুওৱা নাই ৷ হা হা আন্টি বৰ মৰমলগা । ৰিয়েলিটি শ্ব' আহিব আৰু যাব, কিন্তু পৰিয়াল চিৰদিনৰ বাবে থাকিব । মোৰ বন্ধু অংকিতা লোখাণ্ডে জয়ী হ’ব বুলি আশা কৰিলোঁ কিন্তু তেওঁলোকৰ বিবাহৰ মূল্যত নহয় ৷

অংকিতাৰ সমৰ্থনত কংগনা ৰনৌত

শেহতীয়াকৈ বিকিৰ মাতৃয়ে বিগ বছ হাউচৰ ঘৰত প্ৰৱেশ কৰিছিল । এই সময়চোৱাত শাহুৱেক আৰু বোৱাৰী দুয়োকে একেলগে কথা পাতি থকা দেখা গৈছিল । দুয়োৰে মাজত হোৱা কথা-বতৰা তৰ্কলৈ পৰিণত হৈছিল । বিকিৰ মাকে কয়- যিদিনা তুমি বিকিক লাথি মাৰিছিলা । পাপাই লগে লগে তোমাৰ মাকক ফোন কৰি ক’লে – আগতে তুমি নিজৰ স্বামীক এনেকৈ লাথি মাৰিছিলা জানো ? শাহুৱেকৰ এই কথাবোৰ শুনি অংকিতাৰ খং উঠে আৰু অংকিতাই কয়- কি প্ৰয়োজন আছিল মাক ক’বলৈ, মা অকলে থাকে, দেউতাৰ মৃত্যু হৈছে । অনুগ্ৰহ কৰি মোৰ মাক এইবোৰ নক’ব ।

লগতে পঢ়ক:লাইভ আহি অনুৰাগীক মুনাৱাৰ ফাৰুকীৰ প্ৰাক্তন প্ৰেমিকা নাজিলাই জনালে বিশেষ আহ্বান

ABOUT THE AUTHOR

...view details