চিটাৰা ডেস্ক, 11 অক্টোবৰ: ইজৰাইল আৰু হামাছৰ যুদ্ধই বিধ্বংসী ৰূপ লৈছে । বহু নিৰীহ লোকৰ মৃত্যু হৈছে এই যুদ্ধত । যুদ্ধ আৰম্ভ হোৱা ৪৮ ঘণ্টাৰো অধিক সময় পাৰ হৈ গ’ল । কিন্তু এতিয়াও নিয়ন্ত্ৰণ হোৱা নাই পৰিস্থিতি । ইফালে টিভি অভিনেত্ৰী মধুৰা নাইকৰ ওপৰতো ভাঙি পৰিছে দুখৰ পাহাৰ । এই যুদ্ধত নিহত হৈছে অভিনেত্ৰীগৰাকীৰ ভগ্নী আৰু ভনী জোৱায়েক । মধুৰাই নিজেই শেহতীয়াকৈ প্ৰকাশ কৰিছে এই কথা ।
ইজৰাইলত হত্যা কৰা হৈছে ‘নাগিন’ অভিনেত্ৰীৰ ভগ্নী আৰু ভনী জোৱায়েকক
মধুৰাই জনোৱা মতে, ৭ অক্টোবৰত তেওঁৰ ভগ্নী ওদায়া আৰু তেওঁৰ স্বামীক হামাছৰ সন্ত্ৰাসবাদীয়ে তেওঁলোকৰ সন্তানৰ সন্মুখত হত্যা কৰিছিল । অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি এই বেদনাদায়ক দৃশ্যটোৰ বিষয়ে বৰ্ণনা কৰিছে । মধুৰাই এই ভিডিঅ’টোত কৈছে যে, মই মধুৰা নাইক ভাৰতীয় মূলৰ ইহুদী । এতিয়া ভাৰতত আমাৰ সংখ্যা হৈছেগৈ ৩০০০ ।
ভিডিঅ’টো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে নিজৰ দুখ প্ৰকাশ কৰে
ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে কৈছে,‘‘৭ অক্টোবৰত আমি পৰিয়ালৰ পৰা এগৰাকী কন্যা আৰু এজন পুত্ৰক হেৰুৱালোঁ। মোৰ ভনীয ওদায়া আৰু তেওঁৰ স্বামীক তেওঁলোকৰ সন্তান দুটাৰ সন্মুখত নিৰ্মমভাৱে হত্যা কৰা হৈছিল । আজি মই আৰু মোৰ পৰিয়ালে যি দুখ আৰু আৱেগৰ সন্মুখীন হৈছো ইয়াক শব্দৰে প্ৰকাশ কৰিব নোৱাৰি । যন্ত্ৰণাত ভুগিছে ইজৰাইল, ইয়াৰ সন্তান, ইয়াৰ মহিলা আৰু ইয়াৰ ৰাজপথ হামাছৰ ক্ষোভৰ শিখাত জ্বলি আছে, হামাছৰ সন্ত্ৰাসবাদীয়ে মহিলা, শিশু, বৃদ্ধ আৰু দুৰ্বলসকলক লক্ষ্য কৰি লৈছে ।’’