চিটাৰা ডেস্ক, 28 মে’: ৯০ ৰ দশকত নিজৰ উৎকৃষ্ট অভিনয়ৰে দৰ্শকৰ হৃদয় জয় কৰিছিল সুন্দৰী অভিনেত্ৰী কৰিশ্মা কাপুৰে ৷ অৱশ্যে বৰ্তমান সময়ত ডাঙৰ পৰ্দাৰ পৰা আঁতৰি আছে অভিনেত্ৰীগৰাকী ৷ কিন্তু পৰ্দাৰ পৰা আঁতৰি থাকিলেও প্ৰায়ে নিজৰ ব্যক্তিগত জীৱনৰ বাবে লাইমলাইটত থাকে অভিনেত্ৰীগৰাকী (Karishma Kapoor with ex hubby sanjay kapur) । এইবাৰ পুনৰ চৰ্চাত আহিছে কৰিশ্মা কাপুৰ ৷ শেহতীয়াকৈ অভিনেত্ৰীগৰাকীক তেওঁৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ সৈতে দেখা গৈছিল, ইয়াৰ পিচতে পুনৰ লাইমলাইটত আহে ৷
শনিবাৰে (২৭ মে’) পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ গৈছিল কৰিশ্মা কাপুৰ (karishma and sanjay spotted in bandra) । এই সময়চোৱাত তেওঁৰ কন্যা সামাইৰা কাপুৰো তেওঁৰ সৈতে উপস্থিত আছিল । কৰিশ্মাই ক’লা ফুলৰ ফ্ৰক পৰিধান কৰাৰ বিপৰীতে সামাইৰাকো দেখা গ’ল ক’লা বডিকন ড্ৰেছত । কিন্তু কৰিশ্মা আৰু তেওঁৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ সাক্ষাৎক লৈ ছ’চিয়েল মিডিয়া আলোচনাৰ বিষয় হৈ পৰে ৷ দুয়োকে মুম্বাইৰ এখন ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দেখা গৈছিল । কৰিশ্মাৰ মুখত ম্লান হাঁহি এটা দেখা পোৱাৰ বিপৰীতে সঞ্জয়কো এই সাক্ষাৎৰ পিচত সুখী যেন লাগিছিল । ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহাৰ সময়ত কৰিশ্মাই পাপাৰাজীৰ বাবেও পোজ দিয়ে ।
ইয়াৰ পূৰ্বেও সঞ্জয়ৰ সৈতে কৰিশ্মা লগ হৈছিল