অসম

assam

ETV Bharat / entertainment

Kazan Khan Passes Away: মালয়ালম ছবিত খলনায়কৰ ৰূপত পৰিচিত অভিনেতা কাজান খান আৰু নাই - কাজান খান আৰু নাই

খলনায়কৰ চৰিত্ৰৰ বাবে পৰিচিত অভিনেতা কাজান খানৰ সোমবাৰে কেৰালাত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ৷

Veteran actor Kazan Khan passes away due to heart attack
কাজান খান আৰু নাই

By

Published : Jun 13, 2023, 1:31 PM IST

চিটাৰা ডেস্ক, 13 জুন: মালায়ালম ছবিত ‘খলনায়ক’ৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হোৱা অভিনেতা কাজান খান আৰু নাই ৷ সোমবাৰ কেৰালাত মৃত্যু হয় অভিনেতাগৰাকীৰ । হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় অভিনেতাগৰাকীৰ ৷ প্ৰডাকচন কণ্ট্ৰ’লাৰ তথা প্ৰযোজক এন এম বদুষাই ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে অভিনেতাজনৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে । একে সময়তে এই খবৰৰ পিচতে দক্ষিণৰ চলচ্চিত্ৰ জগতত শোকৰ ছাঁ পৰিছে ৷ প্ৰবীণ অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে সকলো চেলিব্ৰিটি আৰু অনুৰাগীয়ে ।

এন এম বদুষাই নিশ্চিত কৰিছে অভিনেতাজনৰ মৃত্যু

১২ জুনত প্ৰযোজক তথা প্ৰডাকচন কণ্ট্ৰ’লাৰ এন এম বাদুছাই নিজৰ ফেচবুক পেজত অনুৰাগীৰ সৈতে কাজানৰ মৃত্যুৰ খবৰ শ্বেয়াৰ কৰিছিল । কাজানৰ এখন ছবি পোষ্ট কৰি অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। একে সময়তে অভিনেতাজনৰ মৃত্যুত সকলো চেলিব্ৰিটি আৰু অনুৰাগীও স্তম্ভিত হৈ পৰিছে ।

প্ৰায়বোৰ ছবিতে কাজানে খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছিল

কাজান খানে নিজৰ কেৰিয়াৰত বহু ভাল ছবিত কাম কৰিছিল । ইয়াৰে বহুকেইটা হ’ল ‘গন্ধৰ্বম’, ‘চি আই ডি মোজেছ’, ‘দ্য কিং’, ‘বৰ্ণপক্টু’, ‘ড্ৰিমছ’, ‘দ্য ডন’, ‘মায়ামোহিনী’, ‘ৰাজাধিৰাজা’, ‘ইভান ম্যাদাৰমণ’, ‘অ’ লাইলা অ’। মালয়ালম ছবিত তেওঁ নিজৰ বলিষ্ঠ অভিনয়েৰে নিজৰ বিশেষ পৰিচয় গঢ়ি তুলিছিল । যদিও এই ছবিবোৰৰ বেছিভাগতে কাজানে খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছিল।

মালয়ালমৰ বাহিৰেও তামিল আৰু কানাড়া ছবিত কাম কৰিছিল

ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰিছিল কাজান খানে তামিল ছবি ‘চেন্থামিজ পট্টু’ৰ জৰিয়তে। ছবিখন ১৯৯২ চনত মুক্তি পাইছিল । মালয়ালমৰ বাহিৰেও তেওঁ তামিল আৰু কানাড়া চলচ্চিত্ৰ জগতৰ প্ৰায় পঞ্চাশখন ছবিত কাম কৰিছিল । কাজানৰ মৃত্যুত দক্ষিণ চলচ্চিত্ৰ উদ্যোগে হেৰুৱাইছে এজন মহান অভিনেতা । বৰ্তমান তেওঁৰ শেষ ৰীতি-নীতিৰ সন্দৰ্ভত কোনো আপডেট পোৱা নাই ।

লগতে পঢ়ক:Mangal Dhillon Passed Away: জন্মদিনৰ এসপ্তাহ পূৰ্বেই ইহলীলা ত্যাগ কৰিলে জনপ্ৰিয় অভিনেতা মংগল ধিলনে

ABOUT THE AUTHOR

...view details