অসম

assam

ETV Bharat / entertainment

Playback singer Vani Jairam no more: ৰহস্যজনক অৱস্থাত উদ্ধাৰ প্ৰসিদ্ধ কন্ঠশিল্পী বাণী জয়ৰামৰ মৃতদেহ - কন্ঠশিল্পী বাণী জয়ৰাম

প্ৰসিদ্ধ কন্ঠশিল্পী বাণী জয়ৰাম আৰু নাই ৷ চেন্নাইস্থিত বাসগৃহত ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হয় কন্ঠশিল্পীগৰাকীৰ মৃতদেহ(Playback singer Vani Jairam no more) ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ ৷

Vani Jayaram, a legendary singer who left her mark in southern film industry
ৰহস্যজনক অৱস্থাত উদ্ধাৰ প্ৰসিদ্ধ কন্ঠশিল্পী বাণী জয়ৰামৰ মৃতদেহ

By

Published : Feb 4, 2023, 10:21 PM IST

নিউজ ডেস্ক, ৪ ফেব্ৰুৱাৰী:ৰাষ্ট্ৰীয় বঁটা বিজয়ী কিংবদন্তী নেপথ্য গায়িকা বাণী জয়ৰামৰ মৃতদেহ শনিবাৰে তেওঁৰ চেন্নাইস্থিত বাসগৃহত ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হয়(Playback singer Vani Jairam no more) । চেন্নাইৰ নুংগাম্বাক্কামৰ হাডৌছ ৰোডত থকা গায়িকাগৰাকীৰ ঘৰৰ ভিতৰত উদ্ধাৰ হোৱা তেওঁক মৃতদেহৰ কপালত আঘাতৰ চিহ্ন পোৱা গৈছে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৮ বছৰ । বাণী জয়ৰামক চলিত বৰ্ষত দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হৈছিল ৷

বাণী জয়ৰামৰ স্বামীৰ ইতিমধ্যে মৃত্যু হৈছে আৰু তেওঁ চেন্নাইস্থিত এপাৰ্টমেণ্টত অকলে বাস কৰিছিল । বাণী জয়ৰামৰ ঘৰৰ বনকৰা মহিলাগৰাকী পুৱা কামৰ বাবে অহা সময়ত দুৱাৰ ভিতৰৰ পৰা বন্ধ আছিল ৷ তেওঁ মূল দুৱাৰত নক কৰাৰ লগতে বাৰে বাৰে ফোন কৰাৰ পিছতো ভিতৰৰ পৰা কোনো সঁহাৰি পোৱা নাছিল ৷ ইয়াৰ পাছত তেওঁ বাণী জয়ৰামৰ আত্মীয় তথা স্থানীয় লোকক এই বিষয়ে অৱগত কৰে ৷ তেওঁলোকে লগে লগে এই বিষয়ে আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হয় ৷

আৰক্ষীয়েও ভিতৰৰ পৰা কোনো সঁহাৰি লাভ কৰিবলৈ ব্যৰ্থ হৈ অৱশেষত মূল দুৱাৰখন ভাঙি ভিতৰত প্ৰৱেশ কৰে আৰু কপালত আঘাতপ্ৰাপ্ত অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে ৷ সন্ধিয়া এটা ফৰেনচিক বিশেষজ্ঞৰ দল গায়িকাগৰাকীৰ বাসগৃহত উপস্থিত হৈ নমুনা সংগ্ৰহ কৰে(Case registered in singer Vani Jairam's death) ।

বাণী জয়ৰামে তামিল, তেলুগু, কানাড়া, মালায়ালম, হিন্দী, উৰ্দু, মাৰাঠী, বাংলা, ভোজপুৰী, টুলু আৰু ওড়িয়া আদি কেইবাটাও ভাষাৰ গীতত কন্ঠদান কৰিছে ৷ তেওঁ দেশৰ লগতে বিশ্বজুৰি ব্যাপক সমাদৰ লাভ কৰিছে ৷ তেওঁ তিনিবাৰকৈ শ্ৰেষ্ঠ মহিলা প্লে-বেক গায়িকাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে । তামিলনাডু, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, কেৰালা, গুজৰাট আৰু ওডিশাৰ পৰা তেওঁ ৰাজ্যিক বঁটা লাভ কৰিছে ৷

১,০০০ তকৈও অধিক চলচ্চিত্ৰত কেইবাটাও ভাষাত ১০,০০০ তকৈও অধিক গান গোৱা প্ৰবীণ গায়িকা বাণী জয়ৰামৰ জন্ম তামিলনাডুৰ ভেলোৰত হৈছিল । যদিও তেওঁ প্ৰশিক্ষিত শাস্ত্ৰীয় সংগীতজ্ঞৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ৷ তেওঁ আঠ বছৰ বয়সত মাদ্ৰাজৰ অল ইণ্ডিয়া ৰেডিঅ'ত প্ৰথমবাৰলৈ প্ৰদৰ্শন কৰিছিল । ১৯৬৯ চনত তেওঁৰ প্ৰথম ৰাজহুৱা সংগীতানুষ্ঠান প্ৰদৰ্শন কৰিছিল আৰু ১৯৭৩ চনত 'অভিমানৱন্তুলু' চলচ্চিত্ৰত শাস্ত্ৰীয় গীত "ইপ্পতিভালেকাদুৰা না স্বামী"ৰ গীতত কন্ঠদান কৰি তেলেগু চলচ্চিত্ৰ উদ্যোগত আত্মপ্ৰকাশ কৰিছিল(Southern film indutry) ।

১৯৭৯ চনত কে বিশ্বনাথৰ সংগীতচলচ্চিত্ৰ "শংকৰভৰণম"ৰ জৰিয়তে তেওঁৰ জনপ্ৰিয়তা আকাশচুম্বী হৈছিল আৰু তেওঁ ছবিখনৰ গানৰ বাবে তেওঁৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল । ১৯৭১ চনত জয়া বচ্চন অভিনীত কালজয়ী "গুড্ডি"ত তেওঁৰ "বোলে ৰে পাপিহাৰা" গানটোৰ বাবে বলীউডত বিশেষ জনপ্ৰিয়তা লাভ কৰে ।

লগতে পঢ়ক:Siddharth Anand on pathaan controversy: পাঠানে বৰ্জন দলৰ কাৰ্যসূচী বিফল কৰি তুলিলে: সিদ্ধাৰ্থ আনন্দ

ABOUT THE AUTHOR

...view details