চিটাৰা ডেস্ক, 18 মে’: নিজৰ ছবিতকৈও অধিক নিজৰ বল্ড লুকৰ বাবে ছ’চিয়েল মিডিয়াত লাইমলাইটত থাকে অভিনেত্ৰী উৰ্বশী ৰাউটেলা (Urvashi Rautela)। শেহতীয়াকৈ কাঁ চলচ্চিত্ৰ মহোৎসৱত নিজৰ ফেশ্বন দেখুৱাই শিৰোনাম দখল কৰিছে উৰ্বশীয়ে । কাঁ ফেষ্টিভেলত উৰ্বশী ৰাউটেলাৰ ৰেড কাৰ্পেট ৱাকৰ পৰা আৰম্ভ কৰি এই অনুষ্ঠানৰ বহু ছবি ছ’চিয়েল মিডিয়াত সম্প্ৰতি ভাইৰেল হৈ পৰিছে ।
প্ৰথম দিনা অভিনেত্ৰীগৰাকীয়ে গোলাপী ৰঙৰ গাউন পৰিধান কৰিছিল যদিও অভিনেত্ৰীগৰাকীৰ গাউনতকৈ অধিক চৰ্চিত হৈছিল ডিঙিত পৰিধান কৰা ঘঁৰিয়ালৰ নেকপিচটো (Urvashi Rautela on Crocodile Necklace) ৷ আনহাতে, এতিয়া অভিনেত্ৰীগৰাকীৰ দ্বিতীয় দিনৰ লুকো চৰ্চালৈ আহিছে ।
অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত শ্বেয়াৰ কৰিছে কাঁ ফেষ্টিভেলত দ্বিতীয় দিনা পৰিধান কৰা কমলা ৰঙৰ ৰাফেল্ড গাউনৰ কেইখনমান ছবি ৷ কিন্তু অভিনেত্ৰীগৰাকীৰ এই লুকটোৰ বাবেও সামাজিক মাধ্যমত নেটিজেনৰ সমালোচনাৰ সন্মুখীন হয় ৷ ছ’চিয়েল মিডিয়াত নেটিজেনে কয় দীপিকা পাডুকনৰ লুকৰ পৰা কপি কৰা হৈছে উৰ্বশীৰ এই লুক (Urvashi Rautela and Deepika Padukone) !
কাঁ ফেষ্টিভেলৰ পৰা উৰ্বশী ৰাউটেলাৰ দ্বিতীয় লুক ভাইৰেল
কাঁ মহোৎসৱৰ দ্বিতীয় দিনা ৰেড কাৰ্পেটত খোজ দিয়ে অভিনেত্ৰীগৰাকী (Urvashi Rautela Cannes 2023)। এইবাৰ অভিনেত্ৰীগৰাকীয়ে কমলা ৰঙৰ ৰাফেল্ড গাউন পৰিধান কৰিছিল । উৰ্বশীক ৰেড কাৰ্পেটত উজ্জ্বল আৰু গ্ল’য়িং মেকআপৰ সৈতে ফেশ্বন প্ৰদৰ্শন কৰা দেখা গৈছিল । যদিও একাংশ নেটিজেনে কয় যে অভিনেত্ৰীগৰাকীৰ লুক কিছু পৰিমাণে দীপিকা পাডুকনৰ সৈতে মিল আছে (Urvashi second day look for Cannes) ।
কাঁ ফেষ্টিভেলৰ প্ৰথম লুকৰ বাবে কিয় ট্ৰল হৈছিল উৰ্বশী ?