অসম

assam

By

Published : Apr 11, 2022, 12:08 PM IST

ETV Bharat / entertainment

Shiv Subrahmanyam passes away : প্ৰবীণ অভিনেতা শিৱ সুব্ৰমনিয়ামৰ দেহাৱসান

টু ষ্টেটছ নামৰ হিন্দী ছবিখনত আলিয়া ভাটৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মৰম বুটলিবলৈ সক্ষম হোৱা জনপ্ৰিয় অভিনেতাৰ লগতে চিত্ৰনাট্য লিখক শিৱ সুব্ৰমনিয়াম আৰু নাই (Actor Shiv Subrahmanyam passes away) ৷ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই সুব্ৰমনিয়ামৰ মৃত্যুৰ কাৰণ ৷

Actor Shiv Subrahmanyam:
প্ৰবীণ অভিনেতা শিৱ সুব্ৰমনিয়ামৰ দেহাৱসান

চিটাৰা ডেস্ক, 11 এপ্ৰিল : সপ্তাহটোৰ আৰম্ভণিতে মনোৰঞ্জনধৰ্মী ক্ষেত্ৰখনলৈ আহিল এটি দুঃখবৰ ৷ সোমবাৰে পুৱা পৰলোকলৈ গমন কৰে শিৱ সুব্ৰমনিয়ামে ৷ তেওঁ একেধাৰে পৰিচিত আছিল এজন অভিনেতাৰ লগতে চিত্ৰনাট্য লিখক হিচাপে ৷

চলচ্চিত্ৰ নিৰ্মাতা অশোক পণ্ডিত আৰু হনচল মেহতাই সোমবাৰৰ পুৱা টুইটাৰৰ জৰিয়তে শিৱ সুব্ৰমনিয়ামৰ মৃত্যুৰ খবৰ সামাজিক মাধ্যমত প্ৰকাশ কৰে ৷ এতিয়ালৈকে স্পষ্টকৈ জানিব পৰা হোৱা নাই তেওঁৰ মৃত্যুৰ কাৰণ (Actor Shiv Subrahmanyam death reason) ৷ হনচল মেহতাই সোমবাৰে পুৱাৰ ভাগতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ কথা জানিবলৈ দিয়ে ৷

অশোক পণ্ডিতে সুব্ৰমনিয়ামৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ৷ সুব্ৰমনিয়ামৰ আকস্মিক মৃত্যুত হতভম্ব হৈ পৰা অশোকে অভিনেতাজনৰ পত্নী দিব্যা তথা পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ আনহাতে হনচলেও মানৱৰূপী মনীষীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ৷

সুব্ৰমনিয়ামে ১৯৮৯ চনৰ Parinda আৰু সুধীৰ মিশ্ৰৰ Hazaaron Khwaishein Aisi চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখাৰ কৃতিত্ব লাভ কৰে ৷ তেওঁ টু ষ্টেটছত আলিয়া ভাটৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিছিল (two states actor Alia Bhatt father role) । তেওঁক শেষবাৰৰ বাবে নেটফ্লিক্সৰ মীনাক্ষী সুন্দৰেশ্বৰত দেখা গৈছিল ।

লগতে পঢ়ক:দাক্ষিণাত্যৰ প্ৰবীণ অভিনেতা বালায়াৰ বিয়োগ

ABOUT THE AUTHOR

...view details