অসম

assam

ETV Bharat / entertainment

MP Derek O Brien: ৰাজ্যসভাত শ্বাহৰুখ খানৰ পাঠানৰ প্ৰশংসা সাংসদ ডেৰেক অ’ ব্ৰাইনৰ - পাঠান

Pathaan in Parilament : শ্বাহৰুখ খানৰ ছবি 'পাঠান' সকলো প্ৰতিবাদৰ পিছত হিট প্ৰমাণিত হয় আৰু ইয়াৰ সফলতা ভাৰতীয় সংসদতো প্ৰতিধ্বনিত হয় । লগতে, শ্বাহৰুখ খানক আন্তৰিকতাৰে প্ৰশংসা কৰা হয় (shah rukh khan Parilament)। সবিশেষ পঢ়ক-

shah rukh khan's Pathaan
ৰাজ্যসভাত শ্বাহৰুখ খানৰ পাঠানৰ প্ৰশংসা

By

Published : Feb 8, 2023, 6:42 PM IST

চিটাৰা ডেস্ক, 8 ফেব্ৰুৱাৰী :বলীউডৰ ‘বাদশ্বাহ’ শ্বাহৰুখ খানৰ এক্সনধৰ্মী ছবি ‘পাঠান’ মুক্তি পোৱাৰ 14 দিন হ’ল আৰু এই ছবিখন এতিয়াও সমগ্ৰ বিশ্বৰে ছবিগৃহত চলি আছে । এই ছবিখনে বিশ্বজুৰি 800 কোটি টকা আৰু ঘৰুৱা বক্স অফিচত 400 কোটি টকা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে । দেশজুৰি ব্যাপক প্ৰতিবাদৰ পিছতো বিশ্বৰ 8000 পৰ্দাত মুক্তি লাভ কৰে ‘পাঠান’ এ ৷ ছবিখনৰ বিৰোধিতা কৰি থকাসকলে বেয়াকৈ মুখ থেকেচা খালে বুলি ক’ব পাৰি ৷ বহু পুৰণা অভিলেখ ভংগ কৰি ইতিহাসৰ সৃষ্টি কৰিলে ছবিখনে । ছবিখনক লৈ দেশজুৰি যি প্ৰতিবাদ সংঘটিত হৈছিল, সকলো আছিল ভিত্তীহীন । জানি আচৰিত হ’ব যে এতিয়া ভাৰতীয় সংসদতো উচ্চাৰিত হ’ল পাঠানৰ নাম ।

সংসদত বাজি উঠিল ‘পাঠান’

হয়, তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ডেৰেক অ’ ব্ৰাইনে ভৰ্তি সংসদত ‘পাঠান’ ছবিখনৰ প্ৰশংসাত চিঞৰি উঠিল (Pathaan in Parilament) ৷ ডেৰেক অ’ ব্ৰাইনে ক’লে, অভিনন্দন শ্বাহৰুখ আৰু অভিনন্দন সিদ্ধাৰ্থ । ডেৰেকে তেওঁৰ ভাষণ অব্যাহত ৰাখি লগতে কৈছিল, "শ্বাহৰুখ খানৰ ছবি পাঠানে এক মহান বাৰ্তা প্ৰদান কৰিছে, ভাৰতৰ গোলকীয় ৰাষ্ট্ৰদূতক অভিনন্দন, পাঠানৰ নিৰ্মাতাক অভিনন্দন । আমি যি কৰিব নোৱাৰিলোঁ, শ্বাহৰুখ খান, ডিম্পল কাপাডিয়া আৰু জন আব্ৰাহামে কৰি দেখুৱালে, ৰাজনীতিয়ে যি কৰিব নোৱাৰিলে সেয়া আপোনালোকে কৰি দেখুৱালে" (TMC MP Pathaan in Parilament) ।

পাঠানৰ 14 দিনৰ উপাৰ্জন

মুক্তি হোৱাৰ 15 দিন ধৰি চলি আছে ছবি ‘পাঠান’ৰ । ছবিখনে চতুৰ্দশ দিনা 7 কোটি টকা সংগ্ৰহ কৰিছে, যাৰ ফলত ঘৰুৱা বক্স অফিচত ছবিখনৰ মুঠ সংগ্ৰহ 523 কোটি টকা আৰু মুঠ সংগ্ৰহ 438.45 কোটি টকা পাইছেগৈ । ছবিখনে বহিঃৰাজ্যত 323 কোটি টকা আৰু বিশ্বজুৰি 849 কোটি টকা সংগ্ৰহ কৰিছে ।

চলচ্চিত্ৰখন ২৫ জানুৱাৰীত মুক্তি দিয়া হৈছিল আৰু এতিয়াও ছবিগৃহত চলি আছে ।

লগতে পঢ়ক :Urvashi Rautela news:এইবাৰ সোলাল চয়াদাৰ সৈতে নাম সাঙোৰ খাইছে উৰ্ৱশী ৰৌতেলাৰ

ABOUT THE AUTHOR

...view details