চিটাৰা ডেস্ক, 26 নৱেম্বৰ :পাঞ্জাৱী কণ্ঠশিল্পী গিপ্পি গ্ৰেৱালৰ কানাডাৰ ঘৰত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে । শনিবাৰে কানাডাৰ ভেনকুভাৰৰ হোৱাইট ৰক অঞ্চলৰ গ্ৰেৱালৰ বাংলোত সংঘটিত হয় এই ঘটনা । অৱশ্যে এতিয়ালৈকে এই বিষয়ত গিপ্পি গ্ৰেৱালে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই । একে সময়তে গেংষ্টাৰ লৰেন্স বিষ্ণইয়ে নিজৰ ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে ।
লৰেন্স বিষ্ণই নামৰ ফেচবুক একাউন্টটোৰ পৰা শেহতীয়াকৈ এটা পোষ্ট শ্বেয়াৰ কৰা হৈছিল ৷ য’ত লিখা আছিল, ‘‘হয় সত শ্ৰী অকল, ৰাম ৰাম সকলোলৈ । আজি লৰেন্স বিষ্ণই গ্ৰুপে ভেনকুভাৰৰ হোৱাইট ৰক অঞ্চলত গুলীচালনা কৰে । আপোনাৰ ছলমান খানৰ লগত বহুত ভাতৃত্ববোধ গঢ়ি উঠিছে, এতিয়া এই ভাতৃয়ে বচাব নাহে নেকি । এই বাৰ্তা ছলমানকো দি দিব, ছলমানে ভাবি আছে যে ডাউদে তেওঁক সহায় কৰিব, কোনেও আপোনাক আমাৰ পৰা বচাব নোৱাৰে । সিধু মুছেৱালাৰ মৃত্যুত আপুনি বহুত অভাৰ-এক্ট কৰিছে, আপুনি সকলো জানে তেওঁ কিমান অহংকাৰী ব্যক্তি আছিল, বহু অপৰাধী মানুহৰ লগত তেওঁৰ যোগাযোগ আছিল । যেতিয়া বিকি মিদ্দুখেড়াত আছিল তেতিয়ালৈকে আপুনি তেওঁৰ আগে পিচে ঘূৰি ফুৰিছিল, পিচলৈ সিধুৰ বাবে দুখী হৈ পৰিছিল । আপুনিও ৰাডাৰৰ তললৈ আহিছে, এতিয়া দেখুৱাম আপোনাক ।’’