অসম

assam

The Trial Trailer: কাজলৰ কেৰিয়াৰৰ আটাইতকৈ কঠিন বিচাৰ, ট্ৰেইলাৰত দেখা গ’ল অভিনেত্ৰীগৰাকীৰ শক্তিশালী অভিনয়

By

Published : Jun 12, 2023, 5:49 PM IST

মুক্তি পালে কাজলৰ ৱেব ছিৰিজ দ্য ট্ৰায়েলৰ টিজাৰ । টিজাৰত অভিনেত্ৰীগৰাকীক অধিবক্তাৰ চৰিত্ৰত দেখা গৈছে । এইখন অভিনেত্ৰীগৰাকীৰ কেৰিয়াৰৰ প্ৰথমখন ৱেব ছিৰিজ আৰু ট্ৰেইলাৰৰ লগতে ইয়াৰ মুক্তিৰ তাৰিখো ঘোষণা কৰা হৈছে ।

The Trial trailer out: Kajol debuts on OTT with powerful performance in courtroom drama
কাজলৰ ৱেব ছিৰিজৰ ট্ৰেইলাৰ

চিটাৰা ডেস্ক, 12 জুন: শেহতীয়াকৈ নিজৰ এটা পোষ্টৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছিল বলীউডৰ অভিনেত্ৰী কাজলে ৷ জীৱনত কঠিন পৰীক্ষাৰ সন্মুখীন হ’বলৈ ওলাইছে বুলি এটা পোষ্ট শ্বেয়াৰ কৰিছিল অভিনেত্ৰীগৰাকীয়ে ৷ ইয়াৰ পিচতে লাইমলাইটলৈ আহিছিল অভিনেত্ৰীগৰাকী ৷ অৱশ্যে এয়া আছিল পাব্লিচিটি ষ্টাণ্টহে মাথো ৷ অভিনেত্ৰীগৰাকীৰ আগন্তুক ৱেব ছিৰিজৰ প্ৰমোচনৰ বাবে এনে কৰিছিল অভিনেত্ৰীগৰাকীয়ে ৷

সম্প্ৰতি অভিনেত্ৰীগৰাকীৰ নতুন ৱেব চিৰিজ ‘দ্য ট্ৰায়েল’ৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে। যোৱা কিছু সময়ৰ পৰা অভিনেত্ৰীগৰাকীক আকৰ্ষণীয় চৰিত্ৰত দেখা পোৱা গৈছে আৰু তেওঁৰ এই চৰিত্ৰটোও একেধৰণৰ । ইয়াত কাজলক এগৰাকী অধিবক্তাৰ ভূমিকাত দেখা পোৱা গৈছে । অভিনেত্ৰীগৰাকীয়ে নিজেই ৱেব ছিৰিজৰ ট্ৰেইলাৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে ছ’চিয়েল মিডিয়াত।

কাজলে ইনষ্টাগ্ৰামত মুকলি কৰিছে দ্য ট্ৰায়েলৰ ট্ৰেইলাৰ, য’ত তেওঁৰ উৎকৃষ্টি অভিনয়েৰে অনুৰাগীক আপ্লুত কৰা দেখা গৈছে । এইবাৰ অভিনেত্ৰীগৰাকীয়ে এই ছবিৰ জৰিয়তে সত্যক সমৰ্থন কৰিব আৰু নিজৰ যুক্তিৰ বলত বিৰোধীক আক্ৰমণ কৰা দেখা যাব। ছবিখনৰ কাহিনীভাগ ট্ৰেইলাৰত প্ৰকাশ পাইছে। ইতিমধ্যেই ছবিখনৰ মুক্তিৰ তাৰিখো ঘোষণা কৰা হৈছে।

ইয়াত দেখা গৈছে যে কাজলৰ প্ৰেমিকজনে কেনেকৈ তেওঁক প্ৰতাৰণা কৰে আৰু দুয়োৰে মাজত দূৰত্ব আহি পৰে । কিন্তু সময়ৰ চকা ঘূৰি যায় আৰু কাজলৰ পুৰণি প্ৰেমিকক এটা গোচৰৰ বাবে কাজলৰ সহায়ৰ প্ৰয়োজন হয় । এনে পৰিস্থিতিত কাজলে তেওঁক সহায় কৰে নে নকৰে সেয়া লক্ষণীয় হ’ব ৷ ট্ৰেইলাৰত অভিনেত্ৰীগৰাকীয়ে দিয়া এটা এটা সংলাপে আপ্লুত কৰিছে অনুৰাগীক ।

কেতিয়া মুক্তি পাব ?

ইনষ্টাগ্ৰামত ট্ৰেইলাৰ শ্বেয়াৰ কৰাৰ লগতে কাজলে কেপচনত লিখিছে – বিচাৰ কেৱল আদালতৰ কক্ষতে নহয়, জীৱনতো হয় । চাওক নয়নিকা সেন গুপ্তাৰ জীৱনৰ আটাইতকৈ কঠিন বিচাৰ । দ্য ট্ৰায়ল - প্য়াৰ খুন ধোকা । ১৪ জুলাইৰ পৰা ডিজনী প্লাছ হটষ্টাৰত ষ্ট্ৰীম হ’ব এই ৱেব চিৰিজ।

লাষ্ট ষ্ট’ৰীজৰ কাহিনীৰ অংশ

উল্লেখ্য যে এই মুহূৰ্তত অভিনেত্ৰীগৰাকীৰ সন্মুখত আছে আন এটা ডাঙৰ প্ৰজেক্ট । কিছুদিনৰ আগতে তেওঁৰ ছবি লাষ্ট ষ্ট’ৰীজৰ টিজাৰো মুক্তি পাইছে । ইয়াত কাজলৰ ভূমিকা কেনেকুৱা হ’ব সেই সম্পৰ্কে অনুৰাগীৰ মাজত কৌতুহল দেখা গৈছে ।

লগতে পঢ়ক:Yash As Ravana: ৰামায়ণত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰাৰ প্ৰস্তাৱ নাকচ কৰিলে যশে, ক’লে নাকচ কৰাৰ কাৰণ

ABOUT THE AUTHOR

...view details