অসম

assam

ETV Bharat / entertainment

The Kerala Story: দ্য কেৰালা ষ্ট’ৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিবলৈ মাদ্ৰাজ উচ্চ ন্যায়ালয়ত পিআইএল দাখিল - দ্য কেৰালা ষ্ট’ৰীৰ বিতৰ্ক

দ্য কেৰালা ষ্ট’ৰীৰ বিতৰ্ক যেন শাম কাটিবলৈ নাম নোলোৱা হ’ল ৷ এইবাৰ ছবিখনৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিবলৈ মাদ্ৰাজ উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল ৷

The PIL filed against the film The Kerala Story will be hearing in the Madras High Court today
দ্য কেৰালা ষ্ট’ৰীৰ বিতৰ্ক

By

Published : May 4, 2023, 4:12 PM IST

চিটাৰা ডেস্ক, 4 মে’: আদা শৰ্মাৰ অভিনীত ‘দ্য কেৰালা ষ্ট’ৰী’ ছবিখনক লৈ দেশজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ একাংশই যদি ছবিখনক সমালোচনা কৰিছে, আন একাংশই আকৌ ছবিখনক সমৰ্থন কৰিছে (The Kerala Story controversy) ৷ শেহতীয়াকৈ ছবিখনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ মাদ্ৰাজ উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থৰ গোচৰ (পিআইএল) দাখিল কৰা হৈছে । বৃহস্পতিবাৰে অৰ্থাৎ আজি ন্যায়াধীশ এডি জগদীশ চণ্ডিৰা আৰু চি সৰৱননৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে (The Kerala Story)।

উল্লেখ্য যে, কেৰালা ষ্ট’ৰী হৈছে কেৰালাৰ ইছলামিক ষ্টেট অৱ ইৰাক এণ্ড ছিৰিয়া (আই এছ আই এছ)ত যোগদান কৰা কেৰালাৰ এদল মহিলাক লৈ নিৰ্মিত এখন ছবি । ৫ মে’ শুকুৰবাৰে ছবিগৃহত মুক্তি লাভ কৰিব ছবিখন । কিন্তু ছবিখন মুক্তিৰ পূৰ্বেই মাদ্ৰাজ উচ্চ ন্যায়ালয়ত আবেদনকাৰী সাংবাদিক অৰবিন্দাক্ষন বি আৰে ৰাজহুৱা স্বাৰ্থৰ গোচৰ (পিআইএল) দাখিল কৰিছে ৷

অৰবিন্দাক্ষন বি আৰে তেওঁৰ পি আই এলত দাবী কৰিছে যে ৫ মে’ত জনসাধাৰণৰ দৰ্শনৰ বাবে ছবিগৃহত মুক্তি পাবলগীয়া ছবিখন মৌলিক গৱেষণা অবিহনে নিৰ্মিত “প্ৰচাৰ ছবি” (The Kerala Story Movie)।

এই ছবিখনে দেশৰ ধৰ্মীয় সম্প্ৰীতি আৰু জনশান্তি বিঘ্নিত কৰাৰ সম্ভাৱনা আছে বুলি দাবী কৰিছে পিআইএলত (Madras High Court)। পিআইএলত কোৱা হৈছে যে, ছবিখনে কেৰালাৰ মহিলাসকলে ইছলামিক ষ্টেট অৱ ইৰাক এণ্ড ছিৰিয়া (আইছিছ)ত যোগদান কৰা বুলি দাবীৰ সমৰ্থনত কোনো চৰকাৰী সূত্ৰৰ উদ্ধৃতি দিয়া নাই ।

পিআইএলত কোৱা হৈছে, "মই দাখিল কৰিছো যে, গৃহ পৰিক্ৰমা মন্ত্ৰালয় বা চোৰাংচোৱা সংস্থাইও এনে তথ্য প্ৰকাশ কৰা নাই, মই বুজি নাপাওঁ যে ছানশ্বাইন পিকচাৰ্ছে ছবিখনৰ টিজাৰ মুকলি কৰিছিল The Kerala Story , যিয়ে নিজকে সঁচা কাহিনী বুলি দাবী কৰিছিল ।"

লগতে আবেদনত কোৱা হয় যে, যদিহে ছবিখন মুক্তিৰ অনুমতি দিয়া হয় তেন্তে সমগ্ৰ দেশৰ বাবে ই অপমানজনক হ’ব কাৰণ ইয়াৰ ফলত ভাৰত সন্ত্ৰাসবাদী উৎপাদন কৰা দেশ বুলি ধাৰণা সৃষ্টি হ’ব । সেয়েহে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু তামিলনাডু চৰকাৰক আবেদনকাৰীৰ তথ্য বিবেচনা কৰি ছবিখন মুক্তিৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰিৰ বাবে নিৰ্দেশ দিবলৈ আদালতক আহ্বান জনাইছে ।

ইফালে কংগ্ৰেছ, চিপিআই(এম)কে ধৰি ৰাজনৈতিক দল আৰু ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ যুৱ লীগে ছবিখনৰ প্ৰদৰ্শনত নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে দাবী জনাইছে ।

লগতে পঢ়ক:AR Rahman: ‘দ্য কেৰালা ষ্ট’ৰী’ৰ বিতৰ্কৰ মাজতে এ আৰ ৰহমানে শ্বেয়াৰ কৰিলে সঁচা ‘কেৰালা ষ্ট’ৰী’ৰ এটা ভিডিঅ’

ABOUT THE AUTHOR

...view details