অসম

assam

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 3:51 PM IST

ETV Bharat / entertainment

The Great Indian Family Trailer: বলৰামপুৰৰ ৰজা ভজন কুমাৰ, বিকি কৌশলৰ ছবিৰ ট্ৰেইলাৰে হাঁহিবলৈ বাধ্য কৰাব আপোনাকো, চাওক ভিডিঅ’

বিকি কৌশলৰ অভিনীত ছবি দ্য গ্ৰেট ইণ্ডিয়ান ফেমিলি ট্ৰেইলাৰ মুকলি ৷ চাওক ভিডিঅ’ ৷

The Great Indian Family trailer out: With a tinge of humour, Vicky Kaushal's film touches upon subject of individual identity defined by faith
দ্য গ্ৰেট ইণ্ডিয়ান ফেমিলি ট্ৰেইলাৰ

চিটাৰা ডেস্ক, 12 ছেপ্টেম্বৰ: ‘জাৰা হাটকে জাৰা বাচকে’ৰ পিচত আকৌ এবাৰ মানুহক হাঁহিৰ খোৰাক দিবলৈ সাজু হৈছে বলীউড উদ্যোগৰ প্ৰতিভাৱান অভিনেতা বিকি কৌশল । হাঁহিৰ ড’জেৰে ভৰা তেওঁৰ ছবি ‘দ্য গ্ৰেট ইণ্ডিয়ান ফেমিলি’ কেইদিনমানৰ পিচতে ছবিগৃহত মুক্তি লাভ কৰিব । এতিয়া ছবিখনৰ বাবে অপেক্ষা কৰি থকা অনুৰাগীৰ বাবে আহিছে এক সুখবৰ ৷ কাৰণ আজি নিৰ্মাতাসকলে মুকলি কৰিছে ছবিখনৰ ট্ৰেইলাৰ ।

মুক্তি পালে ‘দ্য গ্ৰেট ইণ্ডিয়ান ফেমিলি’ৰ টিজাৰ

বিজয় কৃষ্ণ আচাৰ্যৰ পৰিচালনাত নিৰ্মিত ‘দ্য গ্ৰেট ইণ্ডিয়ান ফেমিলি’ ছবিখন বলীউডৰ পৰৱৰ্তী কমেডী ছবি । বিকিয়ে চিনেমাখনত স্থানীয় গায়ক ভজন কুমাৰৰ চৰিত্ৰত অভিনয় কৰিছে। ট্ৰেইলাৰৰ আৰম্ভণিতে বিকি কৌশলে নিজৰ পৰিচয় দি কয় যে তেওঁ বলৰামপুৰৰ ৰজা । এই ঠাইখনৰ পটভূমিৰ ওপৰত আধাৰিত ছবিখনৰ কাহিনী । ভজন কুমাৰৰ চৰিত্ৰত অভিনয় কৰা বিকি গান গোৱাৰ প্ৰতি আকৰ্ষিত আৰু সৰু সৰু অনুষ্ঠানৰ জৰিয়তে নিজৰ এই চখটোক জীয়াই ৰাখিছে ৷ কিন্তু নিজৰ অদ্ভুত পৰিয়ালটোক লৈ অতিশয় বিচলিত ।

তেওঁৰ পৰিয়ালে পূজা-পাঠ আদি আয়োজন কৰে । তেওঁলোকে ভজনৰো আয়োজন কৰে, য’ত বেছিভাগেই ভজন কুমাৰ অৰ্থাৎ বিকি কৌশলে গায় । কমেডীৰে ভৰা এই ট্ৰেইলাৰটোত দেখুওৱা হৈছে যে যেতিয়া পণ্ডিতৰ চৰিত্ৰত অভিনয় কৰা বিকিলৈ যেতিয়া তেওঁৰ লেডী লাভ মনুষীক লগ পায়, তেতিয়া তেওঁৰ ইচ্ছা আৰু অধিক সলনি হয়।

কেতিয়া মুক্তি পাব ছবিখন ?

কিছুদিন পূৰ্বে নিৰ্মাতাই ছবিখনৰ পৰা ‘কানহাইয়া টুইটাৰ পে আজা’ গীতটি মুকলি কৰিছিল, য’ত বিকি কৌশলৰ অভিনয় আৰু গীতটোৱে ইতিবাচক সঁহাৰি লাভ কৰিছিল । প্ৰথমবাৰৰ বাবে পৰ্দাৰ স্থান ভাগ-বতৰা কৰা দেখা পোৱা যাব বিকি আৰু মনুষীৰ যুটিটোক ৷ ২২ ছেপ্টেম্বৰত মুক্তি পাব ছবিখন।

'দ্য গ্ৰেট ইণ্ডিয়ান ফেমিলি'ৰ ষ্টাৰকাষ্ট কোন কোন ?

বিকি আৰু মনুষীৰ উপৰিও যশপাল শৰ্মা, কুমুদ মিশ্ৰ, মনোজ পাহোৱা, সৃষ্টি দীক্ষিত আদি অভিনেতাকো দেখা যাব ছবিখনত । এই ছবিখন যশ ৰাজ প্ৰডাকচনৰ বেনাৰত প্ৰযোজনা কৰিছে আদিত্য চোপ্ৰাই ।

লগতে পঢ়ক:Vicky Kaushal: প্ৰথম অৱস্থাত কেটৰিনাৰ পৰা পোৱা মনোযোগে হতবাক কৰিছিল বিকি কৌশলক; বিকিয়ে নিজকে প্ৰশ্ন কৰিছিল - মইয়ে কিয় ?

ABOUT THE AUTHOR

...view details