চিটাৰা ডেস্ক, 14 জুন: বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ আজি 3 বছৰ সম্পূৰ্ণ হ’ল ৷ 2020 বৰ্ষৰ 14 জুন অৰ্থাৎ আজিৰ দিনটোতেই বান্দ্ৰাস্থিত বাসগৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল প্ৰতিভাৱান অভিনেতাগৰাকীৰ মৃতদেহ ৷ অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰে স্তম্ভিত কৰিছিল সকলোকে ৷ আজিও অনুৰাগীয়ে পাহৰা নাই অভিনেতাগৰাকীক আৰু তেওঁৰ ন্যায়ৰ বাবে আজিও যুঁজি আছে ৷ কিন্তু আপুনি জানেনে অভিনেতাগৰাকীৰ এনে অকস্মাৎ মৃত্যুত আধৰুৱা হৈ থাকি গ’ল তেওঁৰ কিছু সপোন, যি অভিনেতাগৰাকীয়ে পূৰ কৰিব বিচাৰিছিল ৷ কিন্তু পূৰ কৰিব নোৱাৰিলে ৷ গতিকে জানো আহক সুশান্তৰ সেইসমূহ সপোনৰ বিষয়ে . . .
50 টা সপোনৰ লিষ্ট শ্বেয়াৰ কৰিছিল সুশান্তে
সুশান্ত সিং ৰাজপুতে বহু ডাঙৰ ডাঙৰ সপোন দেখিছিল আৰু সেইবোৰ পূৰণৰ বাবে অক্লান্তভাৱে কাম কৰিছিল । এই সপোনবোৰৰ এখন হাতে লিখা তালিকাও প্ৰস্তুত কৰিছিল । যিটো অভিনেতাগৰাকীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টতো শ্বেয়াৰ কৰিছিল । অভিনেতাগৰাকীয়ে টুইটাৰত হাতেৰে লিখা টোকাত ৫০ টা সপোনৰ বাকেট লিষ্ট শ্বেয়াৰ কৰিছিল । এই তালিকাত জাহাজ উৰুৱাবলৈ শিকাৰ পৰা আৰম্ভ কৰি গছ ৰোপণ আৰু মহিলাক আত্মৰক্ষাৰ বাবে প্ৰস্তুত কৰালৈকে বহুতো গুৰুত্বপূৰ্ণ কথা সন্নিবিষ্ট কৰা হৈছিল ।
50 টা সপোনৰ ভিতৰত 11 টা সপোন পূৰ কৰিছিল সুশান্তে
- বিমান উৰুৱা শিকা
- আইৰণ মেনৰ বাবে প্ৰশিক্ষণ লোৱা
- বাওঁহাতেৰে ক্ৰিকেট মেচ খেলা
- CERN লৈ যোৱা
- ধনুৰ্বিদ হোৱা
- চেনোটত সাঁতুৰাৰ থকাৰ সপোন
- নিজা কলেজত এটা সন্ধিয়া কটোৱা
- শক্তিশালী টেলিস্কোপৰ জৰিয়তে এণ্ড্ৰমেডাক চোৱা
- ব্লু হোলত গৈ সাঁতুৰা
- ডিজনীলেণ্ড পাৰ্কলৈ যোৱা
আধৰুৱা হৈ থাকি গ’ল ৩৯ টা সপোন
- মৰ্চ ক'ড শিকি থকা
- শিশুসকলক মহাকাশৰ বিষয়ে শিকিবলৈ সহায় কৰা
- টেনিছ চেম্পিয়নৰ সৈতে এখন মেচ খেলিব বিচাৰিছিল
- ফ্ল'ৰ ক্লাপ পুচআপ কৰা
- এসপ্তাহ চন্দ্ৰ, মংগল, বৃহস্পতি আৰু শনি গ্ৰহক ঘূৰি ফুৰা চোৱা
- ডাবল স্লিট পৰীক্ষা এবাৰ কৰি চোৱা
- হাজাৰ গছ ৰোপণৰ সপোন
- ১০০ টি শিশুক নাছাৰ কৰ্মশালালৈ পঠোৱা
– কৈলাশত ধ্যান কৰাৰ সপোন
– চেম্পিয়নৰ সৈতে পকাৰ খেলাৰ সপোন
- কিতাপ লিখা
- পোলাৰ লাইটচাই থাকোতে পেইণ্টিং কৰা