অসম

assam

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 11:29 AM IST

ETV Bharat / entertainment

Raksha Bandhan 2023: এইসকল বলীউডৰ আটাইতকৈ ষ্টাইলিছ ভাই-ভনী, নিজা ষ্টাইলেৰে প্ৰায়ে দখল কৰে বাতৰিৰ শিৰোনাম

আজি ভাই-ভনীৰ পৱিত্ৰ উৎসৱ ৰাখীবন্ধন । ইয়াৰ লগতে বলীউডৰ চেলিব্ৰিটিসকলেও ছ’চিয়েল মিডিয়াত নিজৰ ভাই-ভনীৰ সৈতে উদযাপনৰ ছবি শ্বেয়াৰ কৰিছে ৷ কোনটো ভাই-ভনীৰ যুটি বলীউডৰ আটাইতকৈ ষ্টাইলিষ্ট জানেনে ?

Suhana Khan-Aryan Khan to Sara-Ibrahim, check out best siblings in Bollywood
ৰাখীবন্ধন

চিটাৰা ডেস্ক, 30 আগষ্ট: আজি ৰাখীবন্ধন ৷ আজি ভগ্নীয়ে ভাতৃক ৰাখী বান্ধিব ৷ ইয়াৰ প্ৰস্তুতি বিগত কিছুদিন ধৰি আছিল ৷ ৰাখীবন্ধন উপলক্ষে সজাই পৰাই তোলা হৈছিল বজাৰসমূহ । অৱশ্যে আজি আহিল সেই শুভ দিনটো ৷ সকলোৱে নিজৰ নিজৰ ষ্টাইলত উদযাপন কৰিছে ৰাখীবন্ধন ৷ এই ক্ষেত্ৰত পিচ পৰি থকা নাই বলীউড ৷ বলীউডৰ জনপ্ৰিয় ভাতৃ-ভগ্নীসকলে প্ৰত্যেকবাৰে এই উৎসৱত নিজৰ ভাতৃ ভগ্নীৰ সৈতে নতুন সাজ-পাৰ পৰিধান কৰি ফটো শ্বেয়াৰ কৰে ৷ চেলিব্ৰিটিসকলৰ ষ্টাইলিছ লুক অনুৰাগীৰ মাজত ভাইৰেল হৈ পৰে । গতিকে এই ৰাখী বন্ধনত আপোনাৰ প্ৰিয় তাৰকাৰ দৰে নিজকে সজাই পৰাই তুলিব পাৰে ৷

গতিকে আপোনাৰো যদি ৰাখীবন্ধনৰ বাবে ড্ৰেছিং টিপছৰ প্ৰয়োজন হৈছে, তেন্তে এই প্ৰতিবেদনত আমি বি-টাউনৰ চুপাৰ ষ্টাইলিষ্ট ভাই-ভনীসকলৰ এখন তালিকা লৈ আহিছো ৷ গতিকে চাওঁ আহক . . .

ছাৰা আলী খান- ইব্ৰাহিম আলী খান

বলীউডৰ যুৱ প্ৰজন্মৰ ভাই-ভনী যুটি ছাৰা আৰু ইব্ৰাহিম । ছাৰাই প্ৰায়ে পৰম্পৰাগত ৰূপৰ সৈতে নিজৰ সৰলতাৰে অনুৰাগীৰ হৃদয় জয় কৰে যদিও ইব্ৰাহিমে কুল লুকটো অনুসৰণ কৰে । তেওঁক বেছিভাগেই ৰাজহুৱা স্থানত বেগী জিন্স আৰু হুডি পৰিধান কৰা দেখা যায় ।

ছাৰা আলী খান- ইব্ৰাহিম আলী খান

জাহ্নৱী কাপুৰ - অৰ্জুন কাপুৰ

বলীউডৰ ফেশ্বন চেন্সেশন জাহ্নৱী কাপুৰ । অভিনেত্ৰীগৰাকীয়ে সদায় বডিকন ড্ৰেছ আৰু ডিপ নেক ট্ৰেডিচনেলৰ সৈতে লাইমলাইটত থাকে। আনহাতে, অৰ্জুন কাপুৰে বেছিভাগেই ঢিলা চাৰ্ট আৰু পেণ্ট পৰিধান কৰে ৷

জাহ্নৱী কাপুৰ - অৰ্জুন কাপুৰ

ৰিদ্ধিমা কাপুৰ- ৰণবীৰ কাপুৰ

ৰিদ্ধিমা আৰু ৰণবীৰ দুয়োগৰাকীয়ে নৱপ্ৰজন্মৰ আইকন। অভিনেত্ৰী নহ’লেও ৰিদ্ধিমাই যি পাৰ্টিত নাযাওক কিয়, সমগ্ৰ পাৰ্টিতে নিজৰ বাবে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ প্ৰতিটো লুকতে ৰিদ্ধিমাক ৰকিং দেখা যায়, সেয়া লাগিলে কেজুৱেলে হওঁক অথবা পৰম্পৰাগতই হওঁক ৷ আনহাতে, ৰণবীৰে চিমপল লুক পছন্দ কৰে । বগা চাৰ্ট আৰু নীলা জিন্স ৰণবীৰৰ প্ৰিয় সাজ-পোছাক ।

ৰিদ্ধিমা কাপুৰ- ৰণবীৰ কাপুৰ

সুহানা খান- আৰিয়ান খান

বৰ্তমান বাতৰিৰ শিৰোনাম দখল কৰিছে সুহানা খান। কাৰণ অতি সোনকালেই আহি আছে সুহানাৰ নতুন ছবি ৷ যিয়ে নহওক ইয়াত আমি সুহানাৰ ষ্টাইলৰ বিষয়ে উল্লেখ কৰিব লাগিব ৷ কেতিয়াবা মিডিয়া আৰু কেতিয়াবা বন্ধু-বান্ধৱীৰ সৈতে পাৰ্টিত সুহানাই অনুৰাগীক তেওঁৰ বহু ষ্টাইলিছ লুকৰে মন্ত্ৰমুগ্ধ কৰে ৷ সুহানাই প্ৰায়ে হাই ৱেষ্টেড জিন্স আৰু ক্ৰপ টপ পৰিধান কৰে ৷ আনহাতে, আৰিয়ান খানে শ্বাহৰুখ খানৰ দৰেই সাজ-পোছাক পৰিধান কৰে । আৰিয়ানক বেছিকৈ দেখা যায় ক’লা চাৰ্ট আৰু হুডিত ।

সুহানা খান- আৰিয়ান খান

শ্বেতা বচ্চন- অভিষেক বচ্চন

অভিষেক বচ্চন আৰু শ্বেতা বচ্চনেও নিজৰ লুকেৰে ষ্টাইল গ’ল দিয়ে । অভিষেকে থ্ৰী পিছ চেট আৰু ব্লেজাৰ পছন্দ কৰে । আনহাতে শ্বেতাই শাৰী আৰু দীঘল গাউন পৰিধান কৰি ভাল পায় ৷

শ্বেতা বচ্চন- অভিষেক বচ্চন

লগতে পঢ়ক:Not Ramaiya Vastavaiya Song OUT: মুক্তি লাভ কৰিলে জৱানৰ তৃতীয়টো গীত, নয়নতৰাৰ সৈতে নৃত্য কৰিলে কিং খানে

ABOUT THE AUTHOR

...view details