চিটাৰা ডেস্ক, 9 জুন: বলীউডৰ অভিনেতা অনিল কাপুৰৰ কন্যা সোণম কাপুৰৰ আজি ৩৭ সংখ্যক জন্মদিন (Happy Birthday Sonam Kapoor) ৷ গতিকে অভিনেত্ৰীগৰাকীৰ জন্মদিনত বিতংভাৱে জানো আহক অভিনেত্ৰীগৰাকীৰ মুঠ সম্পত্তিৰ বিষয়ে । ছবিত কাম কৰাৰ সমান্তৰালকৈ অভিনেত্ৰীগৰাকীয়ে ব্যৱসায়তো মনোনিৱেশ কৰে । আপুনি জানেনে বাৰু কিমান কোটি টকাৰ ধন-সম্পত্তিৰ গৰাকী সোণম ? বিলাসী বাহনৰ পৰা আৰম্ভ কৰি বিলাসী বাংলোলৈকে সোণম কাপুৰৰ ওচৰত আছে সকলো ৷
সোণমৰ মুঠ সম্পত্তি কিমান ?
সোণম কাপুৰৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৫ মিলিয়ন মাৰ্কিন ডলাৰ (Sonam Kapoor Net Worth) ৷ অৰ্থাৎ ভাৰতীয় মুদ্ৰাৰ হিচাপত প্ৰায় 123 কোটি টকা । তেওঁৰ উপাৰ্জনৰ বেছিভাগ ধন ব্ৰেণ্ড এণ্ডাৰছমেণ্টৰ পৰাই আহে। প্ৰতিটো এণ্ডাৰছমেণ্টৰ বাবে অভিনেত্ৰীগৰাকীয়ে ১-১.৫ কোটি টকা লয় । সোণম এগৰাকী চলচ্চিত্ৰ প্ৰযোজক আৰু টেলিভিছনৰ আয়োজক । ইয়াৰ উপৰিও অভিনেত্ৰীগৰাকীয়ে ৰিয়েল এষ্টেট সম্পত্তিত যথেষ্ট বিনিয়োগ কৰিছে ৷
উল্লেখ্য যে চৰকাৰক সৰ্বাধিক আয়কৰ আদায় দিয়া শীৰ্ষ চেলিব্ৰিটিসকলৰ ভিতৰত অন্যতম হৈছে সোণম কাপুৰ (Sonam kapoor net worth 2023)। উপাৰ্জনৰ উপৰিও সোণম কাপুৰে দান-বৰঙণি আৰু সামাজিক কাম-কাজত দান দিয়াৰ পৰাও পিছুৱাই নাথাকে ।
সোণমৰ ধন-সম্পত্তি কিমান ?