চিটাৰা ডেস্ক, 16 ছেপ্টেম্বৰ :পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে মানৱ সৰবৰাহৰ গোচৰত কাৰাবন্দী হৈ থকা পাঞ্জাবী কণ্ঠশিল্পী ডালেৰ মেহেন্দীৰ জামিন মঞ্জুৰ কৰে ৷ 2003 চনৰ মানৱ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা কণ্ঠশিল্পী ডালেৰ মেহেন্দীয়ে উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছে । পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে এই জামিন মঞ্জুৰ কৰে (Daler Mehndi updates) । পঞ্জাৱৰ পাটিয়ালা আদালতে 19 বছৰ পুৰণি এক গোচৰৰ শুনানী গ্ৰহণ কৰি পাঞ্জাৱী গায়কগৰাকীক 2 বছৰৰ কাৰাদণ্ড বিহিছিল । 14 জুলাইত কাৰাগাৰলৈ গৈছিল ডালেৰ ।
তথ্য অনুসৰি, 2003 চনৰ 19 ছেপ্টেম্বৰত ডালেৰ মেহেন্দীৰ জ্যেষ্ঠ ভাতৃ শ্বামছেৰ মেহেন্দীৰ বিৰুদ্ধে কবুতৰ পেল্টিং মিউজিক বেণ্ডৰ জৰিয়তে লোকসকলক অবৈধভাৱে বিদেশলৈ লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছিল (Daler mehndi human trafficking case) ৷ এই সন্দৰ্ভত শ্বামছেৰ মেহেন্দীৰ বিৰুদ্ধে এজাহাৰ দাখিলো কৰা হৈছিল । ডালেৰ আৰু তেওঁৰ ভাতৃ শ্বামছেৰ মেহেন্দী বিৰুদ্ধে 31 টা গোচৰ ৰুজু কৰা হৈছে ।