অসম

assam

ETV Bharat / entertainment

Sidhu Moose Wala: মাতৃয়ে ক’লে পুত্ৰক পোৱাৰ অনুভৱ, মুছেৱালাৰ জন্মদিনত মাতৃৰ আৱেগিক পোষ্ট - পাঞ্জাবী কণ্ঠশিল্পী সিদ্ধু মুছেৱালা

আজি পাঞ্জাবী কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ ২৯ তম জন্মদিন । জন্মদিন উপলক্ষে মাতৃ চৰণ কৌৰে তেওঁৰ ইনষ্টাগ্ৰামত পাঞ্জাবী ভাষাত এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে ৷

Sidhu Moose Walas mother pens emotional note on his birth anniversary
সিদ্ধু মুছেৱালাৰ ২৯ তম জন্মদিন

By

Published : Jun 11, 2023, 7:20 PM IST

চিটাৰা ডেস্ক, 11 জুন: যোৱা বছৰ এক মৰ্মান্তিক ঘটনাত মৃত্যুক আকোৱালি লৈছিল পাঞ্জাবী কণ্ঠশিল্পী সিদ্ধু মুছেৱালাই ৷ অৱশ্যে কণ্ঠশিল্পীগৰাকীৰ অনুৰাগীসকলে তেওঁক আজিও পাহৰা নাই ৷ আজি সিদ্ধু মুছেৱালাৰ ২৯ সংখ্যক জন্মদিন (HBD Sidhu Moose Wala)। তেওঁৰ অনুৰাগী, পৰিয়ালৰ সদস্যসকলে তেওঁৰ জন্মদিন উদযাপন কৰিছে আৰু এই উপলক্ষে তেওঁৰ মাতৃ চৰণ কৌৰে তেওঁৰ ইনষ্টাগ্ৰামত পাঞ্জাবী ভাষাত এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে ৷ যিটো পোষ্টৰ বিষয়ে জানিলে হয়তো আপুনিও আবেগিক হৈ পৰিব (Sidhu Moose Wala) ৷

উল্লেখ্য যে, মুছেৱালা আছিল পঞ্জাৱৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী । তেওঁৰ অনুৰাগী কেৱল দেশতে নহয় বিদেশতো আছে । লাহে লাহে সংগীতৰ ক্ষেত্ৰতখনত আগুৱাই গৈছিল যদিও নিয়তিৰ ওচৰত হাৰ মানিলে কণ্ঠশিল্পীগৰাকীয়ে ৷ আজি কণ্ঠশিল্পীগৰাকী আমাৰ মাজত নাই, কিন্তু তেওঁৰ স্মৃতি আৰু তেওঁৰ গীতবোৰ এতিয়াও মানুহৰ হৃদয়ত জীয়াই আছে (Sidhu Moose Wala Mother Instagram Post)।

সিদ্ধু মুছেৱালাৰ মাতৃয়ে লিখিলে আৱেগিক পোষ্ট

উল্লেখ্য যে বিপদত আছিল সিদ্ধু মুছেৱালাৰ জীৱন, তেনে সময়ত চৰকাৰে তেওঁৰ নিৰাপত্তা আঁতৰোৱাৰ লগে লগে কিছুদিন পিচত আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰে সিদ্ধুক । কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত স্তম্ভিত হৈ পৰিছিল সকলো । মুছেৱালাৰ মৃত্যুৰ পিচত তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল বহু আন্তঃৰাষ্ট্ৰীয় কণ্ঠশিল্পীয়ে (Sidhu Moose Walas mother pens emotional note)। ড্ৰেক, ব্ৰিটিছ ৰেপাৰ ষ্টেফ্লন ডন আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় শিল্পীসকলে তেওঁলোকৰ কনচাৰ্টত কণ্ঠশিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল ।

আজি কণ্ঠশিল্পীগৰাকীৰ জন্মদিনত মাতৃয়ে এক পোষ্ট শ্বেয়াৰ কৰি লিখিছে, "জন্মদিনৰ শুভেচ্ছা বেটা, আজিৰ দিনটোত তোমাক প্ৰথমবাৰৰ বাবে বুকুত অনুভৱ কৰাৰ সময়ত মোৰ ইচ্ছা আৰু প্ৰাৰ্থনা পূৰণ হৈছিল । মই গম পাইছিলো যে অকল পুৰাখে মোক এটি পুত্ৰ সন্তান দিছে ৷ ক্ষুদ্ৰ ক্ষুদ্ৰ খোজবোৰত অলপ ৰঙা পৰিছিল, যিয়ে জনা নাছিল যে সেই সৰু খোজবোৰে গাঁৱত বহি গোটেই পৃথিৱীখন ভ্ৰমণ কৰিব ।"

সিদ্ধু মুছেৱালাৰ উত্তৰাধিকাৰ এতিয়াও তেনেকৈয়ে আছে

সিদ্ধু মুছেৱালাই বিশ্ববাসীক বিদায় দিছে যদিও গুচি যোৱাৰ সময়ত তেওঁ এৰি থৈ গৈছে এনে এক উত্তৰাধিকাৰ যিটো বিশ্বজুৰি তেওঁৰ অনুৰাগীসকলে সদায় সন্মান আৰু স্মৰণ কৰিব । তেওঁ অতি কম বয়সতে নিজৰ সমাজৰ বাবে বহু কাম কৰিছিল যিটো আজিও অধিকাংশ ব্যক্তিয়ে নাজানে, সেইবাবেই আজিও যেতিয়া মানুহে সিদ্ধু মুছেৱালাৰ নাম লয় চকুলো ওলাই যায় তেওঁলোকৰ ।

লগতে পঢ়ক:Rubina Dilaik Health Update: বাহন দুৰ্ঘটনাৰ পিচত ক’ত ক’ত আঘাতপ্ৰাপ্ত হৈছিল ৰুবিনা দিলাইক ? খোদ জনালে ৰুবিনাই

ABOUT THE AUTHOR

...view details