চিটাৰা ডেস্ক, 12 ডিচেম্বৰ : সোমবাৰ, 12 ডিচেম্বৰত প্ৰয়াত অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ জন্ম বাৰ্ষিকী ৷ এই বিশেষ দিনটোত তেওঁৰ ঘনিষ্ঠ শ্বেহনাজ গীলে প্ৰয়াত অভিনেতাগৰাকীৰ এখন থ্ৰ’বেক ফটো শ্বেয়াৰ কৰি এক আৱেগিক বাৰ্তা শ্বেয়াৰ কৰিছে । শ্বেহনাজে নিজৰ ইনষ্টাগ্ৰাম ফিডত সিদ্ধাৰ্থৰ এখন ফটো পোষ্ট কৰিছে ৷
ফটোখন শ্বেয়াৰ কৰি তেওঁ লিখিছে, "মই তোমাক আকৌ লগ পাম । 12 12" ৷ শ্বেহনাজে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীতো সিদ্ধাৰ্থৰ জন্ম তাৰিখৰ সৈতে কেকৰ ছবি লগতে তেওঁৰ কেইবাখনো ফটো শ্বেয়াৰ কৰিছে ।
অনুৰাগী আৰু তেওঁলোকৰ বন্ধুবৰ্গই নিজৰ আৱেগিক বাৰ্তাৰে কমেণ্ট ছেকচনটো উপচাই পেলায় । অভিনেতা কাশ্মীৰা শ্বাহে মন্তব্য দিছে এইদৰে, "হয় । আৰু তেওঁ সদায় আমাৰ সকলো হৃদয়তে জীয়াই থাকিব" ৷
এজন অনুৰাগীয়ে লিখিছে, "মই এতিয়াও বিশ্বাস কৰিব পৰা নাই যে এই মানুহজন আৰু নাই ...মই তেওঁক bb13 ত থকাৰ সময়ত সেই হাফ পেণ্ট পিন্ধি থকা হিচাপে কল্পনা কৰিছোঁ ৷ বিগ বছত তেওঁৰ কামবোৰ কৰি আমাৰ সকলোকে মনোৰঞ্জন দিছিল.... তেওঁৰ পিছত bb মাত্ৰ এটা সময় অতিবাহিত কৰা শ্ব’ হৈ পৰিছিল... আপুনি কিয় আমাৰ লগত এনেকুৱা কৰিলে ? এই যুটিটোৰ আন এজন অনুৰাগীয়ে লিখিছে, "তু হী চিড তু হে হে নাজ ডোনো মিলকে বানে হে #চিডনাজ" ৷
আন এটা মন্তব্যত লিখা আছিল, "কোনো শব্দই কেতিয়াও এনে এজন ব্যক্তিক হেৰুওৱাৰ বেদনা ব্যাখ্যা কৰিব নোৱাৰে যি আপোনাৰ বাবে পৃথিৱীসম আৰু সেই মানুহজন আঁতৰি যোৱাৰ পিছত এনে অনুভৱ হয় যেন জীৱনৰ সকলো ধেমালি তাতেই শেষ হৈ গ’ল" ৷