অসম

assam

ETV Bharat / entertainment

Shraddha Kapoor Birthday: কিমান বছৰীয়া হ’ল অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ ?

আজি বলীউডৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ জন্মদিন ৷ ভাতৃ সিদ্ধান্ত কাপুৰে সামাজিক মাধ্যমযোগে ভগ্নী শ্ৰদ্ধাক জ্ঞাপন কৰিলে শুভেচ্ছা (Siddhanth Kapoor wishes sister Shraddha) ৷ কিমান বছৰীয়া হ’ল শ্ৰদ্ধা কাপুৰ ?

By

Published : Mar 3, 2023, 3:55 PM IST

SIDDHANTH KAPOOR WISHED HIS SISTER SHRADDHA KAPOOR ON HER BIRTHDAY
শ্ৰদ্ধা কাপুৰৰ জন্মদিন

চিটাৰ ডেস্ক, 3 মাৰ্চ: বলীউডৰ অন্যতম ধুনীয়া আৰু মৰমলগা অভিনেত্ৰী হৈছে শ্ৰদ্ধা কাপুৰ । ‘আশিকী-২’ ছবিখনৰ জৰিয়তে বলীউডত সফলতা অৰ্জন কৰিছিল শ্ৰদ্ধা কাপুৰে ৷ এক ভিলেইন, ষ্ট্ৰী, বাঘী, হাইদৰ, ছি’চৰেৰ দৰে বহুকেইখন হিট ছবি দৰ্শকক উপহাৰ দিছে শ্ৰদ্ধাই ৷ বাঘী ছবিত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ আজি ৩৬ সংখ্যক জন্মদিন (Shraddha Kapoor 36th Birthday)। জন্মদিনৰ এই বিশেষ ক্ষণত পৰিয়ালবৰ্গৰ লগতে অনুৰাগীসকলে অভিনেত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে (Happy Birthday Shraddha Kapoor) ।

শ্ৰদ্ধা কাপুৰৰ ভাতৃ সিদ্ধান্ত কাপুৰে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউন্টত নিজৰ আৰু ভগ্নী শ্ৰদ্ধাৰ এখন পুৰণি ছবি শ্বেয়াৰ কৰি কেপচনত লিখিছে, "পৃথিৱীৰ আটাইতকৈ দয়ালু ভনীয়েকলৈ, শ্ৰেষ্ঠ কন্যালৈ, শ্ৰেষ্ঠ বন্ধুলৈ, শ্ৰেষ্ঠ ভতিজীলৈ, শ্ৰেষ্ঠ ভনীয়েক, শ্ৰেষ্ঠ পেহীলৈ, শ্ৰেষ্ঠ সকলো, এগৰাকী আদৰ্শবাদীলৈ, ​​আটাইতকৈ ডাঙৰ হৃদয় থকা ব্যক্তিগৰাকীলৈ, শ্ৰেষ্ঠ মানুহগৰাকীলৈ, আটাইতকৈ ডাঙৰ দাতালৈ, সদায় ইমান সহানুভূতিশীল আৰু সংবেদনশীল সংবেদনশীল, সুখ আৰু ভালপোৱা বাবে ধন্যবাদ । মোৰ চকুৰ তৰাজনীলৈ জন্মদিনৰ শুভেচ্ছা থাকিল । মই তোমাক বহুত ভাল পাওঁ (Siddhanth Kapoor wishes sister Shraddha) ৷"

উল্লেখ্য যে সিদ্ধান্ত কাপুৰ এজন অভিনেতাৰ লগতে সহকাৰী পৰিচালক । ‘ভাগম ভাগ’ (২০০৬), ‘চুপ-চুপ কে’ (২০০৬), ‘ভুল ভুলাইয়া’ (২০০৭), ‘ঢোল’ (২০০৭) ছবিতো সহকাৰী পৰিচালক হিচাপে কাম কৰিছে সিদ্ধাতে । একে সময়তে ‘পল্টন’ (২০১৮), ‘জাজবা’ (২০১৫)কে ধৰি বহু ছবিত অভিনয় কৰিছে তেওঁ । শেষবাৰৰ বাবে চেহৰে (২০২১) ছবিখনত তেওঁক ‘জো’ৰ চৰিত্ৰত দেখা গৈছিল ।

ইফালে শ্ৰদ্ধা কাপুৰক শেষবাৰৰ বাবে দেখা গৈছিল বাঘী ৩ ত । ভেড়িয়া ছবিখনতো অভিনেত্ৰীগৰাকী কেমিও চৰিত্ৰত অভিনয় কৰিছিল । শীঘ্ৰেই অভিনেত্ৰীগৰাকীক দেখা পোৱা যাব বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰৰ সৈতে টু ঝুঠি মে মক্কাৰ ছবিখনত । ইয়াৰ উপৰিও অভিনেত্ৰীগৰাকীক ‘চালবাজ ইন লণ্ডন’ আৰু প্ৰযোজক নিখিল দ্বিবেদীৰ ‘নাগিন’ ট্ৰাইলজীতো দেখা যাব ।

লগতে পঢ়ক:Preity And Gene Wedding Anniversary : প্ৰীতি আৰু জিনৰ বিবাহ বাৰ্ষিকী উপলক্ষে ইনষ্টাগ্ৰামত পোষ্ট অভিনেত্ৰীগৰাকীৰ

ABOUT THE AUTHOR

...view details