চিটাৰা ডেস্ক, 11 এপ্ৰিল :9 তাৰিখে গুৱাহাটীৰ খানাপাৰা খেলপথাৰত অনুষ্ঠিত হৈ যোৱা ৰঙালী উৎসৱত অংশ ল’বলৈ অসমলৈ আহিছিল অভিনেত্ৰী শ্ৰুতি হাছান ৷ মুম্বাই নিৱাসী গুৱাহাটীৰ যুৱক শান্তনু হাজৰিকাৰে সৈতে শ্ৰুতিৰ আছে প্ৰেমৰ সম্পৰ্ক ৷ সেই সূত্ৰেই এইবাৰ অসমীয়াৰ জাতীয় উৎসৱ ব’হাগ বিহুৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা ৰঙালী 2022 ত অংশ ল’লে শ্ৰুতিয়ে (Shruti Haasan Assam visiting) ৷
খানাপাৰা খেলপথাৰত জন সমাগম দেখি অভিভূত হৈ পৰে শ্ৰুতি হাছান ৷ অসমলৈ আহি অসমৰ মানুহৰ কথা জানিবলৈ উৎসুক হৈ আছিল শ্ৰুতি ৷ শান্তনুৰ পৰা অসমীয়া মানুহৰ কথা জানিব পাৰি আৰু অধিক জানিবলৈ আগ্ৰহী হৈ পৰে শ্ৰুতি ৷ বিহু সংক্ৰান্তীয় কথাবোৰ শুনি অসমীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈ পৰে তেওঁ (Shruti Haasan statement on assamese people) ৷
প্ৰেমিক শান্তনুৰ পৰা অসমৰ কথা শুনি ইন্টাৰনেটত অসমৰ মনোমোহা দৃশ্য চায়েই অসমৰ প্ৰেমত পৰিছিল অভিনেত্ৰী গৰাকী ৷ ৰঙালীৰ মঞ্চৰ পৰাই ক’লে, "আমি ইমান ধুনীয়া লোকেচনত শ্বুটিং কিয় নকৰো"?
সামাজিক মাধ্যমত প্ৰথমে যোগাযোগ হৈছিল শ্ৰুতি আৰু শান্তনুৰ (Shruti Haasan love story) ৷ দুয়োৰে মিউচুৱেল ফ্ৰেণ্ডৰ জৰিয়তে তেওঁলোকৰ চিনাকি বুলি সাক্ষাৎকাৰত উল্লেখ কৰে শ্ৰুতিয়ে ৷ কৰ্মক্ষেত্ৰত শান্তনু এজন ডুডল আৰ্টিষ্ট আৰু ইলাষ্ট্ৰেটৰ (Shruti Haasan boyfriend Santanu Hazarika) ৷ তেওঁ কৰা আৰ্ট দেখি প্ৰথমতে অভিভূত হৈ পৰিছিল শ্ৰুতি হাছান ৷ শান্তনুক লগ পাই তেওঁৰ প্ৰেমত পৰাৰ আগতে তেওঁৰ আৰ্টৰ প্ৰেমত পৰিছিল অভিনেত্ৰী গৰাকী (Shruti Haasan boyfriend profession) ৷