চিটাৰা ডেস্ক, ১৭ ডিচেম্বৰ: ১৪ ডিচেম্বৰত বলীউডৰ অভিনেতা শ্ৰেয়স তালপাড়ে হৃদৰোগত আক্ৰান্ত হৈছিল, তাৰ পিচতে অভিনেতাগৰাকীক ততাতৈয়াকৈ বেলভিউ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । ইয়াৰ পিচত চিকিৎসকে অভিনেতাজনৰ এঞ্জিওপ্লাষ্টি কৰে, যিটো সফল হয় । এতিয়া কোৱা হৈছে যে শ্ৰেয়স তালপাড়েৰ স্বাস্থ্য আগতকৈ কিছু উন্নত হৈছে আৰু অতি সোনকালেই তেওঁক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হ’ব ।
হাস্পতালৰ পৰা কেতিয়া মুকলি কৰা হ’ব অভিনেতা শ্ৰেয়স তালপাড়েক ?
শ্ৰেয়স তালপাড়েৰ ঘনিষ্ঠ বন্ধু সোহাম শ্বাহে অভিনেতাজনৰ স্বাস্থ্যৰ আপডেট শ্বেয়াৰ কৰিছে । সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত সোহামে কয়, ‘‘মই হাস্পতাললৈ গৈছিলো । তেওঁৰ স্বাস্থ্য যথেষ্ট উন্নত হৈছে । আজি নিশা বা কাইলৈ পুৱাৰ ভিতৰত তেওঁক ডিচচাৰ্জ দিয়া হ’ব বুলি চিকিৎসকে জনাইছে । আজি পুৱা তেওঁ আমাৰ ফালে চাই হাঁহিছিল । যিটো আমাৰ সকলোৰে বাবে এক সকাহ আছিল ।’’
শ্ৰেয়সৰ পত্নীৰ প্ৰশংসা সোহামৰ
ইয়াৰ উপৰিও সোহামে শ্ৰেয়স তালপাড়েৰ পত্নী দীপ্তি তালপাড়েৰ প্ৰশংসা কৰে । সোহামে কয়, ‘‘দীপ্তিক মই অন্তৰেৰে ধন্যবাদ দিব বিচাৰো যে তেওঁ সঠিক সময়ত সঠিক সিদ্ধান্ত লৈছিল । হাৰ্ট এটেকৰ পিচত কোনো পলম নকৰাকৈ শ্ৰেয়স তালপাড়েক তৎক্ষণাত চিকিৎসালয়ত ভৰ্তি কৰাটো নিশ্চয় যথেষ্ট প্ৰত্যাহ্বানজনক আছিল । এনে পৰিস্থিতিত মই দীপ্তিৰ প্ৰশংসা কৰিব বিচাৰো ৷’’
উল্লেখ্য যে, শ্ৰেয়সৰ হৃদয়খন দহ মিনিটৰ বাবে এক প্ৰকাৰে বন্ধ হৈ পৰিছিল ৷ এই তথ্য দিছিল ববি দেওলে । সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ববিয়ে কৈছিল, ‘‘মই এইমাত্ৰ তেওঁৰ (শ্ৰেয়স) পত্নীৰ সৈতে কথা পাতিলোঁ ৷ তেওঁ সঁচাকৈয়ে বিচলিত হৈ পৰিছিল । দহ মিনিটমান শ্ৰেয়সৰ হৃদয়খনে কাম কৰা বন্ধ কৰি দিছিল । এঞ্জিওপ্লাষ্টি কৰি চিকিৎসকে পুনৰ জীৱন্ত কৰিছে শ্ৰেয়সক । গতিকে প্ৰাৰ্থনা কৰক যাতে তেওঁ সোনকালেই ভাল হৈ উঠে ।’’
লগতে পঢ়ক:শ্বুটিং কৰি ঘৰলৈ উভতি আহিছিল শ্ৰেয়স তালপাড়ে, তাৰ পিচত ঘটিল অঘটন !