চিটাৰা ডেস্ক, 28 জুলাই: বলীউডৰ কিং শ্বাহৰুখ খান আৰু তেওঁৰ পত্নী গৌৰী খানৰ প্ৰেম কাহিনী হয়তো সকলোৱে জানে ৷ শ্বাহৰুখ খানে নিজৰ কেৰিয়াৰৰ গঢ় দিয়াৰ পূৰ্বেই লগ পাইছিল গৌৰীক । গৌৰীৰ প্ৰেমত শ্বাহৰুখ খান ইমানেই পাগল আছিল যে গৌৰীৰ বাবেই মুম্বাইলৈ আহিছিল শ্বাহৰুখ ৷ ১৯৯৩ চনত শ্বাহৰুখ খানে চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল কিং খান ৷ শ্বাহৰুখ খানৰ প্ৰথম ছবিখন মুক্তিৰ পূৰ্বেই শ্বাহৰুখে গৌৰী খানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ।
কিন্তু বহুতে হয়তো নাজানে যে শ্বাহৰুখ খানে গৌৰীক বিবাহ কৰাবলৈ নিজৰ নাম সলনি কৰিছিল ৷ কেৱল শ্বাহৰুখ খানেই নহয় গৌৰী খানেও বিবাহৰ বাবে সলনি কৰিছিল নিজৰ নাম ৷ গতিকে শ্বাহৰুখ আৰু গৌৰীয়ে নিজৰ নাম সলনি কৰি কি ৰাখিছিল জানো আহক ৷
বিবাহৰ বাবে শ্বাহৰুখ-গৌৰীৰ নতুন নাম
যিহেতু শ্বাহৰুখ খান ইছলাম ধৰ্মৰ আৰু গৌৰী খান হিন্দু ধৰ্মৰ সেয়াহে, তেওঁলোকৰ অসবর্ণ বিবাহ হৈছিল ৷ গৌৰীৰ পৰিয়ালৰ লোক এই বিবাহৰ সম্পূৰ্ণ বিৰোধী আছিল । ইয়াৰ কাৰণ আছিল শ্বাহৰুখ খানৰ বেলেগ ধৰ্ম আৰু কেৰিয়াৰ । সেই সময়ত শ্বাহৰুখৰ বয়স আছিল মাত্ৰ ২৬ বছৰ আৰু গৌৰীৰ বয়স আছিল ২১ বছৰ । একে সময়তে শ্বাহৰুখ আৰু গৌৰী দুয়োগৰাকীয়ে এই বিবাহটো কৰিব বিচাৰিছিল । অৱশেষত কন্যাৰ সুখ দেখি পৰিয়ালবৰ্গই এই বিবাহত সন্মতি দিয়ে ৷
এনে পৰিস্থিতিত শ্বাহৰুখ খানে হিন্দু ৰীতি-নীতিৰে বিয়া হোৱাৰ বাবে নিজৰ নাম ৰাজেন্দ্ৰ কুমাৰ তুলি ৰাখিছিল। কোৱা হয় যে এই নাম ৰখাৰ আঁৰৰ কাৰণ আছিল শ্বাহৰুখে হিন্দী চিনেমাৰ দুগৰাকী প্ৰবীণ অভিনেতা দিলীপ কুমাৰ আৰু ৰাজেন্দ্ৰ কুমাৰক শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছিল । ৰাজেন্দ্ৰ কুমাৰৰ সম্পূৰ্ণ নাম আছিল ৰাজেন্দ্ৰ কুমাৰ তুলি । আনহাতে গৌৰী খানে শ্বাহৰুখক বিয়া কৰাবলৈ আয়েছালৈ ৰূপান্তৰিত কৰিছিল নিজৰ নাম ৷
শ্বাহৰুখ খানে এখন কিতাপত প্ৰকাশ কৰিছিল, যে তেওঁ বিবাহত নাম সলনি হোৱাৰ কথা বহুতক কোৱা নাছিল । একে সময়তে ৰীতি-নীতি অনুসৰি বিয়া হোৱাৰ পিচত শ্বাহৰুখ-গৌৰীয়ে আদালত-বিবাহৰ জৰিয়তে তেওঁলোকৰ বিবাহ পঞ্জীয়ন কৰিছিল । উল্লেখ্য যে, ১৯৯১ চনত এই দম্পতীৰ বিয়া হৈছিল ।
লগতে পঢ়ক:Urvashi Rautela Trolled: পৱন কল্যাণক অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী বুলি কৈ ট্ৰলৰ সন্মুখীন উৰ্বশী ৰাউটেলা