চিটাৰা ডেস্ক, 14 জুলাই :শেহতীয়াকৈবলীউডৰ অন্যতম শীৰ্ষ তাৰকা হিচাপে পৰিগণিত হৈছে ছান্যা মালহোত্ৰা । উদ্যোগটোত নিজৰ অভিনয়েৰে এক অনন্য পৰিচয় গঢ়ি তুলিছে ছান্যাই । দিল্লীত জন্মগ্ৰহণ কৰা ছান্যা কিন্তু এতিয়া মুম্বাইৰ বাসিন্দা ।
ৰাজধানী দিল্লী মহিলাৰ বাবে সুৰক্ষিত নহয় বুলি কৈ চৰ্চা লাভ কৰিছে অভিনেত্ৰী গৰাকীয়ে (Sanya Malhotra on women safety) । দিল্লীতকৈ ছোৱালীৰ বাবে মুম্বাইয়েই সুৰক্ষিত বুলি মত দিয়ে তেওঁ ।
'দিল্লীতকৈ মুম্বাই সুৰক্ষিত'
ক্ৰাইম টকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ৰাজধানী দিল্লীত মহিলাৰ সুৰক্ষা সন্দৰ্ভত মুকলিকৈ নিজৰ মতামত ব্যক্ত কৰে ছান্যা মালহোত্ৰাই (Sanya Malhotra interview) । 'মই দিল্লীৰ হৈয়ো দিল্লীতকৈ মুম্বাইক বেছি পছন্দ কৰাৰ মোৰ এটা অতি উত্তম কাৰণ আছে ৷ মুম্বাইত মই অধিক নিৰাপত্তা অনুভৱ কৰিছো'।
ছান্যাই লগতে যোগ দিছিল, ‘মই নাজানো দিল্লীৰ পৰিস্থিতিৰ এতিয়া উন্নতি হৈছে নে নাই, কিন্তু মই নাভাবো যে মই তাত সুৰক্ষিত । মই তাৰ কোনো কাৰণ দিব নোৱাৰো । মই নাভাবো যে দিল্লীত এনে এগৰাকী মহিলা আছে যাৰ ওপৰত যৌন নিৰ্যাতন হোৱা নাই । ৰাজকুমাৰ ৰাৱেও ছান্যা মালহোত্ৰাৰ কথাৰ ওপৰত তেওঁৰ মতামত ব্যক্ত কৰে ৷ তেওঁ কয় যে এনে ধৰণৰ নিৰাপত্তাজনিত ঘটনাই মহিলাসকলক বহুত বিচলিত কৰিব পাৰে ।
HIT - দ্য ফাৰ্ষ্ট কেছত মুখ্য চৰিত্ৰত ছান্যা মালহোত্ৰা
ছান্যা মালহোত্ৰা আৰু ৰাজকুমাৰ ৰাওৰ কথা ক’বলৈ গ’লে বৰ্তমান দুয়োগৰাকী তাৰকা নতুন ছবি HIT - The First Case ৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে (Sanya Malhotra upcoming movie)। ছবিখনত এগৰাকী আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে ৰাজকুমাৰ ৰাৱে । এগৰাকী যুৱতীৰ নিৰুদ্দেশৰ ৰহস্য সমাধান কৰিব ছবিখনত ৰাজকুমাৰ ৰাৱে ।
লগতে পঢ়ক:বিকিনিত অভিনেত্ৰী ছান্যা মলহোত্ৰাৰ কেইটামান আকৰ্ষণীয় ৰূপ