চিটাৰা ডেস্ক, 6 জুলাই :বলীউডত দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগৰ জনপ্ৰিয় অভিনেত্ৰী সামান্থাৰ পদাৰ্পণৰ বাবে কেৱল অভিনেত্ৰী গৰাকীয়েই নহয়, তেওঁৰ অনুৰাগীসকলো অধিৰ আগ্ৰহেৰে ৰৈ আছে ৷ সামান্থাৰ অনুৰাগীসকলৰ এই অপেক্ষা অতি সোনকালেই দূৰ হ’ব, কিয়নো সামান্থাই বলীউডৰ কোনজন অভিনেতাৰ বিপৰীতে অভিনয় কৰিব সেইয়া ইতিমধ্যেই নিশ্চিত কৰা হৈছে ৷
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মনোজ বাজপেয়ীৰ ৱেব-চিৰিজ 'ফেমিলি মেন ২'ত অভিনয় কৰি সকলোকে আচৰিত কৰা সামান্থাই এতিয়া অভিনেতা আয়ুষ্মান খুৰানাৰ সৈতে অভিনয়েৰে বলীউডত ভৰি দিবলৈ আগবাঢ়িছে (Samantha Bollywood debut) ।
এক গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্য় অনুসৰি দিনেশ বিজনে এই ছবিখন প্ৰস্তুত কৰিব ৷ ইতিমধ্যেই ছবিখন নিৰ্মাণৰ বাবে কৰিব লগা প্ৰাৰম্ভিক কাম সম্পূৰ্ণ হৈছে আৰু শেহতীয়াকৈ দৃশ্যগ্ৰহণৰ সময়সীমা আৰু তাৰিখো নিশ্চিত কৰা হৈছে । কিন্তু ছবিখনৰ নিৰ্মাতাসকলে এতিয়ালৈকে একো প্ৰকাশ কৰা নাই ।