অসম

assam

ETV Bharat / entertainment

এনিমেলৰ প্ৰভাৱ নপৰিল ছেম বাহাদুৰৰ ওপৰত, বিকি কৌশলৰ তৃতীয় সৰ্বাধিক অ’পেনাৰ ছবি হিচাপে পৰিগণিত ছেম বাহাদুৰ

Sam Bahadur Box Office Collection Day 1: বিকি কৌশলৰ ছেম বাহাদুৰ ছবিখন মুক্তিৰ প্ৰথম দিনাই দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে । মুক্তিৰ প্ৰথম দিনাই ছবিখনে কিমান উপাৰ্জন কৰিছে জানি লওক ।

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 5:29 PM IST

Sam Bahadur BO collection: Here's how much Vicky Kaushal starrer is expected to mint on day 1
ছেম বাহাদুৰ বক্স অফিচ সংগ্ৰহ প্ৰথম দিন

চিটাৰা ডেস্ক, 1 ডিচেম্বৰ: ২০২৩ চনৰ আটাইতকৈ প্ৰত্যাশিত ছবিসমূহৰ ভিতৰত অন্যতম বিকি কৌশল অভিনীত ছবি ‘ছেম বাহাদুৰ’ । এই ছবিখন আজি অৰ্থাৎ ১ ডিচেম্বৰত চিনেমাগৃহত মুক্তি লাভ কৰিছে । ইফালে আজি মুক্তি লাভ কৰিছে ৰণবীৰ কাপুৰৰ ‘এনিমেল’ ছবিখনো ৷ এতিয়া বিকি কৌশলৰ ছবিখনৰ সৈতে ৰণবীৰ কাপুৰৰ ‘এনিমেল’ৰ সংঘৰ্ষ হৈছে । ‘এনিমেল’ক লৈ যথেষ্ট চৰ্চা হৈছে যদিও ইয়াৰ প্ৰভাৱ ‘ছেম বাহাদুৰ’ত একেবাৰেই পৰা নাই ৷ ছবিখনৰ মুকলি ভাল উপাৰ্জনৰেই হৈছে । কেৱল ইমানেই নহয়, এই ছবিখনো বিকি কৌশলৰ কেৰিয়াৰৰ তৃতীয় সৰ্বোচ্চ অ’পেনাৰ হিচাপে পৰিগণিত হৈছে । জানো আহক ‘ছেম বাহাদুৰ’ মুক্তিৰ প্ৰথম দিনাই কিমান উপাৰ্জন কৰিছে ৷

কিমান কোটি টকাৰে মুকলি হ’ল ‘ছেম বাহাদুৰ’ ?

‘ছেম বাহাদুৰ’ দেশৰ প্ৰথমজন ফিল্ড মাৰ্শ্বাল ছেম মানেকশ্ব’ৰ বায়’পিক । মেঘনা গুলজাৰৰ পৰিচালনাত নিৰ্মিত এই যুদ্ধ নাটক ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিকি কৌশলে । ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিচৰে পৰা অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছিল ‘ছেম বাহাদুৰ’ৰ মুক্তিৰ বাবে । এতিয়া ছবিগৃহত এই ছবিখনে চুই গৈছে দৰ্শকৰ হৃদয় । ছবিখন আৰু বিকি কৌশলৰ অভিনয়ৰ প্ৰশংসাত পঞ্চমুখ হৈছে দৰ্শক । ইয়াৰ লগে লগে বিকিৰ ছবিখনৰ আৰম্ভণিও অতি ভাল উপাৰ্জনেৰে হৈছে । এতিয়া ‘ছেম বাহাদুৰ’ৰ উপাৰ্জনৰ প্ৰাৰম্ভিক তথ্যও পোহৰলৈ আহিছে ।

  • Sacknilk ৰ আৰম্ভণিৰ ট্ৰেণ্ড ৰিপৰ্ট অনুসৰি মুক্তিৰ প্ৰথম দিনাই ‘ছেম বাহাদুৰ’এ ৬ কোটি টকা উপাৰ্জন কৰিছে ।
  • যদিও এইবোৰ প্ৰাৰম্ভিক পৰিসংখ্যা হে কেৱল, আনুষ্ঠানিক সংখ্যা অহাৰ পিচত সামান্য পৰিৱৰ্তন হ’ব পাৰে ।

বিকি কৌশলৰ কেৰিয়াৰৰ তৃতীয় সৰ্বোচ্চ অ’পেনাৰ হিচাপে পৰিগণিত হৈছে ‘ছেম বাহাদুৰ’

'ছেম বাহাদুৰ'এ দৰ্শকৰ পৰা অতি উত্তম সঁহাৰি লাভ কৰিছে । বিকি কৌশলৰ এই ছবিখনে ৬ কোটি টকাৰ ওপেনিং লাভ কৰিছে যিটো আছিল অতি উত্তম । ইয়াৰ লগে লগে এই ছবিখন বিকি কৌশলৰ কেৰিয়াৰৰ তৃতীয় সৰ্বোচ্চ অ’পেনাৰ হিচাপে পৰিগণিত হৈছে । ইয়াৰ পূৰ্বে অভিনেতাগৰাকীৰ ‘উৰি’ আৰু ‘ৰাজী’ ছবিয়ে প্ৰথম দিনাই সৰ্বাধিক সংগ্ৰহ লাভ কৰিছিল ।

উৰিৰ প্ৰথম দিনাৰ উপাৰ্জন আছিল ৮.২০ কোটি টকা ।

মুকলি দিনটোত ৰাজীৰ উপাৰ্জন আছিল ৭.৫৩ কোটি টকা ।

ছেম বাহাদুৰৰ মুকলি ৬ কোটি টকাৰে হৈছে ৷

‘ছেম বাহাদুৰ’ৰ ৰান টাইম আৰু কিমান ছবিগৃহত মুক্তি পাইছে ?

উল্লেখ্য যে, ছেম বাহাদুৰক চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশ্যনে (চিবিএফচি) ইউ/এ চাৰ্টিফিকেট দিছিল, যাৰ অনুমোদিত ৰান টাইম ২ ঘণ্টা ৩০ মিনিট (১৫০ মিনিট) । উল্লেখযোগ্য যে ৰণবীৰ কাপুৰ অভিনীত 'এনিমেল'ৰ সৈতে সংঘৰ্ষৰ মাজতো বিকি কৌশল অভিনীত এই ছবিখন ভাৰতৰ প্ৰায় ১৩০০ ছবিগৃহত অৰ্থাৎ ১৮০০ৰ পৰা ২০০০ পৰ্দাত মুক্তি লাভ কৰিছে । বৰ্তমান সকলোৰে দৃষ্টি বক্স অফিচত নিবদ্ধ হৈ আছে । দেওবাৰৰ দিনটোত ‘এনিমেল’ৰ সন্মুখত ‘ছেম বাহাদুৰে’ কিমান সংগ্ৰহ কৰিব পাৰে সেয়া হ’ব লক্ষ্যণীয় ।

লগতে পঢ়ক:ছেম মানেকশ্ব’ৰ চৰিত্ৰত দৰ্শকৰ হৃদয় চুই গ’ল বিকি কৌশলে

ABOUT THE AUTHOR

...view details