চিটাৰা ডেস্ক, 20 এপ্ৰিল:বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানে পুনৰবাৰ লাভ কৰিছে লৰেন্স বিষ্ণৈ গেঙৰ পৰা ভাবুকিপূৰ্ণ ইমেইল । এইবাৰ এই ইমেইলত সন্নিবিষ্ট কৰা হৈছে ৰাখী সাৱন্তৰ নাম । ছুপাৰষ্টাৰ ছলমান খানক নিজৰ ভাতৃ হিচাপে গণ্য কৰে ৰাখী সাৱন্তে । ৰাখীয়ে বহুবাৰ বিভিন্ন বিষয়ত ছলমান খানক সমৰ্থন কৰি আহিছে । ছলমানৰ শ্ব’ বিগ বছতো বহুবাৰ দেখা গৈছে ৰাখী সাৱন্তক (Salman Khan Rakhi Sawant) ।
এনে পৰিস্থিতিত ছলমান খানক বাৰে বাৰে ভাবুকি দিয়াৰ পিচতো ৰাখী সাৱন্তে প্ৰতিবাৰেই ছলমানক সমৰ্থন কৰি আহছিল । সেয়াহে ছলমান খানক সমৰ্থন কৰি লৰেন্স বিষ্ণৈ গেঙৰ চকুত পৰিছে ৰাখী । হয়, ছলমানৰ লগতে ৰাখীক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছে বিষ্ণৈ গেঙে (Rakhi Sawant lawrence bishnoi gang) ।
ৰাখীয়ে এটা সাক্ষাৎকাৰত জনাইছে যে লৰেন্স বিষ্ণৈ গেঙে তেওঁক হত্যাৰ ভাবুকি প্ৰদান কৰিছে । ৰাখীৰ মতে, গেঙে সকীয়াই দিছে যে, যদি তেওঁক ছলমান খানক সমৰ্থন কৰা দেখা যায় তেন্তে তেওঁকো হত্যা কৰা হ’ব । লগতে কোৱা হৈছে যে, ছলমান খানক কোনেও বচাব নোৱাৰে (lawrence bishnoi gang) ।
সংবাদ মাধ্যমৰ মতে ৰাখীয়ে কয়, ‘‘মই যদি ছলমান খানক সমৰ্থন কৰো তেন্তে তেওঁলোকে মোক মাৰি পেলাব, কিন্তু মই একো গুৰুত্ব নিদিওঁ, মই ভাইজানক সমৰ্থন কৰিম, কাৰণ ছলমান ভাইয়ে মোক মোৰ মাতৃৰ চিকিৎসাৰ বাবে ৫০ লাখ টকা দিছিল । তেওঁ মোক প্ৰতিটো খোজত সহায় কৰিছে, সম্ভৱপৰভাৱে মই তেওঁৰ সৈতে কথা পাতিম আৰু মই এই বিষয়ে কোনো আইনী ব্যৱস্থা ল’বলৈ যোৱা নাই, মই এই মুহূৰ্তত ভয় খাইছো আৰু মই একো বুজি পোৱা নাই, মই এইটো ভগৱানৰ হাতত এৰি দিছো ।’