চিটাৰা ডেস্ক, ২৪ ডিচেম্বৰ:প্ৰভাস অভিনীত ছবি ‘ছালাৰ’ৰ বাবে অনুৰাগীয়ে বহুদিনৰে অপেক্ষা কৰি আছিল, অৱশেষত ২২ ডিচেম্বৰত অন্ত পৰে অনুৰাগীৰ অপেক্ষাৰ । ২২ ডিচেম্বৰত বিশ্বজুৰি মুক্তি লাভ কৰে ছবিখন । এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে এই ছবিখনৰ পূৰ্বে মুকলি হোৱা প্ৰভাসৰ প্ৰায় ভাগ ছবিয়েই বক্স অফিচ ফ্লপ হৈছে ৷ কিন্তু এই ছবিখনেৰে বৃহৎ কামবেক কৰিছে প্ৰভাসে ৷ প্ৰথম দিনাই ‘ছালাৰ’এ ৯০.৭ কোটি টকাৰে বক্স অফিচত খাতা খোলে । এতিয়া দ্বিতীয় দিনাও ছবিখনে ৫০ কোটি টকাতকৈও অধিক ব্যৱসায় কৰিছে ।
মাত্ৰ দুদিনতে ঘৰুৱা বক্স অফিচত ছালাৰে ১০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে । Sacknilk ৰ প্ৰতিবেদন অনুসৰি প্ৰথম দিনাই ৯০.৭ কোটি টকাৰ মুকলিৰ পিচত প্ৰভাসৰ ছবিখনে দ্বিতীয় দিনা ৫৫ কোটি টকা উপাৰ্জন কৰে । ইয়াৰ লগে লগে ছবিখনে ঘৰুৱা বক্স অফিচত মুঠ ১৪৫.৭০ কোটি টকা আয় কৰে । উল্লেখ্য যে, এই বছৰৰ সৰ্বাধিক মুকলি ছবিৰ তালিকাত ‘ছালাৰ’এ শীৰ্ষস্থান দখল কৰিছে ।
উল্লেখ্য যে, পূৰ্বৰ বহু ছবিত দুৰ্বল প্ৰদৰ্শনৰ পিচত এতিয়া প্ৰভাসে ‘ছালাৰ’ৰ জৰিয়তে এক সুন্দৰ প্ৰত্যাৱৰ্তন কৰিছে । অভিনয়ৰ পৰা আৰম্ভ কৰি ছবিখনত প্ৰশান্ত নীলৰ পৰিচালনা আৰু কাহিনীলৈকে সকলোৱে প্ৰশংসা লাভ কৰিছে । ছবিখনক লৈ দৰ্শকৰ মাজত দেখা গৈছে যথেষ্ট উন্মাদনা । মুকলি দিনৰ উপাৰ্জনৰ ক্ষেত্ৰত শ্বাহৰুখ খানৰ ‘জৱান’ক পৰাস্ত কৰিছে ছবিখনে । ছালাৰে ওপেনিং দিনত উপাৰ্জন কৰে ৯০.৭ কোটি টকা, আনহাতে ‘জৱান’এ প্ৰথম দিনা উপাৰ্জন কৰিছিল ৭৫ কোটি টকা ।