অসম

assam

ETV Bharat / entertainment

Ranveer Singh Sell Apartments: ৰণবীৰ সিঙে বিক্ৰী কৰিলে দুটা বিলাসী এপাৰ্টমেণ্ট, দাম জানিলে হতবাক হ’ব আপুনি

মুম্বাইত থকা দুটা বিলাসী এপাৰ্টমেণ্ট বিক্ৰী কৰিছে ৰণবীৰ সিঙে । খবৰ অনুসৰি, ৬ নৱেম্বৰতেই এই চুক্তি চূড়ান্ত কৰিছিল ৰণবীৰে ।

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 6:55 PM IST

Ranveer Singh sells two luxury apartments in Mumbai, read to know more
বিলাসী এপাৰ্টমেণ্ট বিক্ৰী কৰিছে ৰণবীৰ সিঙে

চিটাৰা ডেস্ক, 13 নৱেম্বৰ: ৰণবীৰ সিং আৰু দীপিকা পাডুকনে নিজৰ কৰ্মৰ লগতে ব্যক্তিগত জীৱনক লৈও প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে । চলিত বৰ্ষৰ আৰম্ভণিতে এই দম্পতীয়ে শ্বাহৰুখ খানৰ চুবুৰীয়া হ’ব বুলি খবৰ ওলাইছিল ।

এই দম্পতীয়ে ‘মন্নত’ৰ কাষতে নিজৰ নতুন ঘৰ ক্ৰয় কৰিছে, য’ত চলি আছে নিৰ্মাণৰ কাম । শেহতীয়াকৈ এই দম্পতীয়ে তেওঁলোকৰ নতুন ঘৰ চাবলৈও গৈছিল । এতিয়া ৰণবীৰ সিঙৰ বিষয়ে খবৰ আহিছে যে তেওঁ মুম্বাইত থকা দুটা বিলাসী এপাৰ্টমেণ্ট বিক্ৰী কৰিছে, যাৰ মূল্য জানিলে হতবাক হ’ব আপুনি ।

ৰণবীৰ সিঙে বিক্ৰী কৰিলে দুটা এপাৰ্টমেণ্ট

দীপিকা আৰু ৰণবীৰে বলীউডত কাম কৰা বহু বছৰ পাৰ হৈ গ’ল । ছবি জগতত কাম কৰি এই দম্পতীয়ে কোটি কোটি টকাৰ ধন সম্পত্তিও গঢ়ি তুলিছে । এতিয়া শেহতীয়াকৈ পোৱা খবৰ অনুসৰি অভিনেতাগৰাকীয়ে মুম্বাইত থকা তেওঁৰ বিলাসী এপাৰ্টমেণ্ট দুটা বিক্ৰী কৰিছে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি অভিনেতাগৰাকীয়ে ১৫ কোটি টকাত বিক্ৰী কৰিছে এই এপাৰ্টমেণ্ট দুটা ।

এই এপাৰ্টমেণ্ট Oberoi Exclusive ত অৱস্থিত

মুম্বাইৰ ৱেষ্টাৰ্ণ এক্সপ্ৰেছ হাইৱেত থকা বিলাসী এপাৰ্টমেণ্ট দুটা বিক্ৰী কৰিছে ৰণবীৰ সিঙে । অভিনেতাগৰাকীৰ এই এপাৰ্টমেণ্ট দুটা মুম্বাইৰ অবেৰয় এক্সক্লুছিভত অৱস্থিত । দুয়োটা এপাৰ্টমেণ্ট ১৩২৪ বৰ্গফুটত বিস্তৃত । ইয়াৰ উপৰিও ছখন গাড়ীৰ বাবে পাৰ্কিঙৰ ব্যৱস্থাও আছে । প্ৰতিবেদনত কোৱা হৈছে যে দুয়োটা এপাৰ্টমেণ্টৰ চুক্তি এই মাহত অৰ্থাৎ ৬ নৱেম্বৰত চূড়ান্ত কৰা হৈছে ।

বেণ্ডষ্টেণ্ডত নিৰ্মাণ কৰা হৈছে নতুন ঘৰ

বেণ্ডষ্টেণ্ড বিল্ডিং সাগৰ ৰেছমৰ ১৬, ১৭, ১৮ আৰু ১৯ মহলাত ডাঙৰ এপাৰ্টমেণ্ট ক্ৰয় কৰিছে দীপিকা-ৰণবীৰে । এই এপাৰ্টমেণ্টৰ মূল্য ১১৯ কোটি টকা । এই ঘৰটো শ্বাহৰুখৰ মন্নতৰ ঘৰৰ কাষতে । ইয়াৰ উপৰিও দুয়োগৰাকীয়ে আলিবাগতো নতুন ঘৰ ক্ৰয় কৰিছে ।

দীপিকা আৰু ৰণবীৰৰ দীপাৱলী

১২ নৱেম্বৰত দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে ঘৰতে দীপাৱলী উদযাপন কৰে । গভীৰ নিশা এই উদযাপনৰ কিছু ছবি ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি অনুৰাগীক দীপাৱলীৰ শুভেচ্ছা জনায় । এই সময়চোৱাত দুয়োগৰাকী ৰোমান্টিক হোৱাও দেখা যায় ।

লগতে পঢ়ক:Koffee With Karan 8: হঠাৎ কিয় ছ’চিয়েল মিডিয়াত ট্ৰ’লৰ সন্মুখীন হ’ল দীপিকা, সবিশেষ জানক এই প্ৰতিবেদনত

ABOUT THE AUTHOR

...view details