চিটাৰা ডেস্ক, 29 ছেপ্টেম্বৰ : DeepVeerবলীউডৰ শীৰ্ষ জনপ্ৰিয় যুটি ৷ 2012 চনতে আৰম্ভ হোৱা প্ৰেমক 2018 চনৰ 14 নৱেম্বৰত সামাজিক স্বীকৃতি দিছিল ৰণবীৰ সিং আৰু দীপিকা পাডুকনে ৷ ৰণবীৰে প্ৰায়ে ৰাজহুৱাকৈ প্ৰকাশ কৰে যে দীপিকা তেওঁৰ জীৱনৰ উজ্জ্বল তৰা ৷ দীপিকাৰ বাবেই যেন ৰণবীৰৰ অস্তিত্ব ৷ কিন্তু শেহতীয়াকৈ চলি ফুৰা কিছুমান খবৰে মৰ্মাহত কৰিছে দুয়োৰে অনুৰাগীক ৷ শুনিবলৈ পোৱা গৈছে যে দুয়োৰে বৈবাহিক জীৱনলৈ আহিছে কিছু উত্থান-পতন ৷
বহু বাতৰি আৰু ভাইৰেল হোৱা টুইটৰ মতে বৰ্তমানে একো ঠিক চলা নাই দীপিকা আৰু ৰণবীৰৰ মাজত (Ranveer Singh Deepika Padukone relation) ৷ এক কঠিন পৰ্যায়ৰ মাজেৰে পাৰ হৈছে দুয়োৰে বৈবাহিক জীৱন (Ranveer Deepika divorce news) ৷ পিছে মন কৰিব লগীয়া কথাটো হ’ল যে এই বাতৰিবোৰ প্ৰচলন হৈ থকাৰ মাজতে ৰণবীৰে এটা অনুষ্ঠানত অংশ লৈছিল ৷ তাত দীপিকাৰ সৈতে নিজৰ বৰ্তমানে চলি থকা সম্পৰ্কৰ কথা মুকলিকৈ প্ৰকাশ কৰে অভিনেতাজনে (Deepika Ranveer separation rumours) ৷ ৰণবীৰ এই ভিডিঅ’টো এতিয়া সাংঘাতিক ধৰণে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ কিনো ক’লে অভিনেতাজনে জানো আহকচোন-