চিটাৰা ডেস্ক, 14 নৱেম্বৰ:আজি বলীউডৰ জনপ্ৰিয় দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ পঞ্চম বিবাহ বাৰ্ষিকী । আজি অৰ্থাৎ ১৪ নৱেম্বৰত এই দম্পতীৰ বিবাহৰ ৫ বছৰ সম্পূৰ্ণ হৈছে । দুয়োগৰাকীয়ে একেলগে দীঘলীয়া বাট অতিক্ৰম কৰি আহিছে । শেহতীয়াকৈ দীপিকা আৰু ৰণবীৰক ‘কফি উইথ কৰণ 8’ ত দেখা গৈছিল । এই শ্ব’টোত দীপিকাই এনে কিছু গোপন কথা প্ৰকাশ কৰিছিল যাৰ বাবে ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ট্ৰ’লৰ সন্মুখীন হৈছিল ৷ অৱশ্যে দীপিকা-ৰণবীৰে এইবোৰ সমোলচনাক গুৰুত্ব দিয়া নাই । যিয়ে নহওক আজি দীপবীৰৰ (দীপিকা-ৰণবীৰৰ হেচটেগ) বিবাহ বাৰ্ষিকীত তেখেতৰ প্ৰেম জীৱনৰ লগত জড়িত কিছু গোপন কথা জানো আহক ।
শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত দীপিকাই কয় যে তেওঁৰ বাবে প্ৰতিদিনে ৰণবীৰৰ সৈতে সময় কটোৱাটো অতি প্ৰয়োজনীয় । দুয়োগৰাকীয়ে ইগৰাকীয়ে সিগৰাকীৰ সৈতে সময় অতিবাহিত কৰিবলৈ কামৰ পৰা সময় উলিয়াই । এইদৰে দুয়োগৰাকীয়ে নিজৰ সম্পৰ্ক সুদৃঢ় কৰি ৰাখিছে । কেৱল এয়াই নহয়, ৰণবীৰে যেতিয়াই সময় পায়, দীপিকাৰ ওচৰলৈ গৈ অৰ্থাৎ শ্বুটিং চেটলৈ গৈ চাৰপ্ৰাইজ দিয়ে ।
উল্লেখ্য যে, ৰণবীৰ আৰু দীপিকাৰ ডেটিং লাইফ যথেষ্ট আমোদজনক আছিল । ইগৰাকীয়ে সিগৰাকীৰ লগত থকাৰ পিচতো দুয়োগৰাকীয়ে প্ৰতিশ্ৰুতিবদ্ধ নাছিল । ফিল্মফেয়াৰক দিয়া এক সাক্ষাৎকাৰত ৰণবীৰে প্ৰকাশ কৰিছিল যে সম্পৰ্কত সোমোৱাৰ ছমাহৰ পিচতহে তেওঁ উপলব্ধি কৰিছিল যে দীপিকা তেওঁৰ বাবে পাৰফেক্ট । একে সময়ত ৰণবীৰ সিং যেতিয়া দীপিকাৰ জীৱনলৈ আহিছিল তেতিয়া দীপিকা পাডুকন এটা বেয়া সম্পৰ্কৰ পৰা ওলাই আহিছিল, যাৰ বাবে মানসিকভাৱে ভাঙি পৰিছিল । অভিনেত্ৰীগৰাকী তেতিয়া হতাশাত ভুগি আছিল আৰু ৰণবীৰ সিঙে তেওঁক এনে অৱস্থাৰ পৰা ওলাই আহিবলৈ সহায় কৰিছিল ৷