চিটাৰা ডেস্ক, 10 নৱেম্বৰ :শেহতীয়াকৈ বলীউডৰ জনপ্ৰিয় যুটি ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে পিতৃ-মাতৃ হোৱাৰ পৰম সুখ লাভ কৰে । 6 নৱেম্বৰত আলিয়াই জন্ম দিলে এগৰাকী কন্যা সন্তান (Alia Bhatt baby name) । সন্তানটিৰ আগমনৰ লগে লগে কাপুৰ পৰিয়াললৈ আহে সুখৰ জোৱাৰ । এতিয়া আলিয়া ভাটক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ।
আলিয়াৰ স্বামী তথা অভিনেতা ৰণবীৰ কাপুৰে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ পিছত পত্নী আৰু সন্তানক লৈ ঘৰলৈ গৈছে । তিনিওজনকে আদৰিবলৈ ঘৰত চলোৱা হৈছে বিয়াগোম প্ৰস্তুতি । দুয়োৱে এতিয়ালৈকে সন্তানটিৰ চেহেৰা ৰাজহুৱা কৰা নাই । অনুৰাগীসকল অস্থিৰ হৈ পৰিছে ৰণবীৰ-আলিয়াৰ সন্তানৰ ফটো চাবলৈ ।
চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ ভিডি’টোত আলিয়াৰ মুখত মাতৃ হোৱাৰ সুখ স্পষ্টকৈ দেখা পোৱা গৈছে । আলিয়াক দেখা গৈছে ন’ মেকআপ লুকত ।