চিটাৰা ডেস্ক, 23 জুন:বিবাহৰ ১১ বছৰ পিচত ২০ জুনত পিতৃ হয় ৰাম চৰণ ৷ ৰাম চৰণৰ পত্নী উপাসনাই জন্ম দিয়ে এটি কন্যা সন্তান ৷ ১৯ জুনৰ সন্ধিয়া অভিনেতাগৰাকীৰ পত্নীক এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । মাজনিশা উপাসনাই জন্ম দিয়ে এটি কন্যা সন্তান । এতিয়া চাৰিদিনৰ পাচত মাতৃ আৰু নৱ শিশুটিক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হৈছে। ৰামচৰণৰ কন্যা আৰু পত্নীৰ সৈতে পোহৰলৈ আহিছে ৰামচৰণৰ প্ৰথমখন ছবি ৷
কন্যাক কোলাত লৈ চিকিৎসালয়ৰ পৰা ওলাই আহিল ৰামচৰণ
ছবিসমূহত ৰাম চৰণ আৰু তেওঁৰ পত্নী উপাসনাক চিকিৎসালয়ৰ পৰা ওলাই অহা দেখা গৈছে। অভিনেতাজনে নিজৰ কন্যা শিশুটিক অতি মৰমেৰে কোলাত লৈ থকা দেখা গৈছে । অৱশ্যে নৱ শিশুটিৰ মুখখন ঢাকি ৰাখিছিল ৷ আনহাতে কন্যা সন্তান পোৱাৰ সুখ ৰাম চৰণ আৰু পত্নী উপাসনাৰ মুখত স্পষ্টকৈ দেখা পোৱা গৈছিল ৷
ইয়াৰ মাজতে ৰাম চৰণে কন্যা আৰু পত্নী উপাসনাৰ স্বাস্থ্যৰ আপডেট সংবাদ মাধ্যমক দিয়া দেখা যায় ।
বিশেষ ধৰণে আদৰণি জনোৱা হ’ব ৰাম চৰণৰ নৱজাত কন্যা সন্তানটিৰ
ৰাম চৰণৰ নৱজাত শিশুটিৰ আদৰণিৰ প্ৰস্তুতি শনিবাৰৰ পৰাই আৰম্ভ হৈছে। পিতৃ-মাতৃয়ে প্ৰথমে কন্যাৰ বাবে হাতেৰে বনোৱা দোলনা ক্ৰয় কৰিছিল ৷ যিটো মানৱ সৰবৰাহৰ পৰা ৰক্ষা পোৱা লোকসকলে নিজ হাতেৰে তৈয়াৰ কৰিছে । আৰ আৰ আৰৰ কণ্ঠশিল্পী কাল ভৈৰৱে ৰাম চৰণৰ কন্যাৰ বাবে এক বিশেষ আৰু অৰ্থপূৰ্ণ সুৰ তৈয়াৰ কৰিছে ।
চিৰঞ্জীৱীয়ে শেহতীয়াকৈ ককা হোৱাৰ সুখ প্ৰকাশ কৰিছিল
আনহাতে, ককা হোৱা চিৰঞ্জীৱীয়ে এটা পোষ্ট শ্বেয়াৰ কৰি কন্যাৰ আগমনৰ সুখ প্ৰকাশ কৰিছিল । পোষ্টটোত লিখিছিল, ‘ৱেলকাম লিটল মেগা প্ৰিন্সেছ !! আপুনি ৰাইজৰ মাজত সুখ বিয়পাইছে, আপোনাৰ আগমনৰ লগে লগে মেগা পৰিয়ালটো কোটি কোটিৰ আশীৰ্বাদ পাইছে । ৰাম চৰণ আৰু উপাসনাক পিতৃ-মাতৃ আৰু আমাক ককা-আইতা কৰি তোলাৰ বাবে সুখী আৰু গৌৰৱান্বিত !!'
লগতে পঢ়ক:PM Modi in US: আমেৰিকাত নাটু নাটুৰ ওপৰত নৃত্য কৰে শিশুসকলে- হোৱাইট হাউছত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য