চিটাৰা ডেস্ক, 31 আগষ্ট: ড্ৰামা কুইন ৰাখী সাৱন্ত বিগত কিছুদিন ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ আদিলৰ সৈতে চলি থকা বাকযুদ্ধৰ মাজতে ৰাখীয়ে অলপতে ওমৰাহ পৰিৱেশন কৰিবলৈ মক্কালৈ গৈছিল । অৱশ্যে মক্কাৰ পৰা বহুকেইটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল ৰাখীয়ে ৷ য’ত আদিলৰ বিষয়ে অভিযোগ উত্থাপন কৰা দেখা গৈছিল ৰাখীক ৷ শেহতীয়াকৈ মক্কাৰ পৰা এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত ৰাখীয়ে কৈছিল আদিলে মোৰ জীৱন ধ্বংস কৰিছে ৷ এতিয়া মই আল্লাহৰ পৰা ন্যায় বিচাৰিছোঁ ৷
ওমৰাহ কৰাৰ পিচত এতিয়া মুম্বাইলৈ উভতি আহিছে ৰাখী ৷ মুম্বাইলৈ উভতি অহাৰ পাচতে বিমানবন্দৰত বিশেষ আদৰণি লাভ কৰিছে ৰাখীয়ে । ৰাখীক ফুলৰ মালাৰে আদৰণি জনায় বন্ধু-বান্ধৱী আৰু অনুৰাগীয়ে । ৰাখীক দেখি পাপাৰাজীয়ে তেওঁৰ নামেৰে চিঞৰিবলৈ ধৰে, ইয়াৰ পিচতে অভিনেত্ৰীগৰাকীয়ে ক’লে যে মোক ৰাখী নহয়, ফাতিমা বুলি অভিহিত কৰা ।
উল্লেখ্য যে ৰাখী সাৱন্ত বিমানবন্দৰৰ পৰা ওলাই অহাৰ লগে লগেই অভিনেত্ৰীগৰাকীক মালা পিন্ধাবলৈ আগবাঢ়ি আহে কেইবাজনো লোক ৷ যদিও ৰাখীয়ে পিছুৱাই গৈ মালাখন পৰিধান কৰাৰ পৰিৱৰ্তে হাতত লয় । ইয়াৰ পিচত ৰাখীয়ে এগৰাকী মহিলাক ডিঙিত মালা পিন্ধাবলৈ অনুমতি দিয়ে ।
পাপাৰাজীক কি ক’লে ৰাখীয়ে