অসম

assam

Chandramukhi 2: ‘চন্দ্ৰমুখী ২’ৰ পৰা ৰাঘৱ লৰেন্সৰ প্ৰথম লুক মুকলি, ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব কংগনাক

By

Published : Jul 31, 2023, 3:44 PM IST

‘চন্দ্ৰমুখী ২’ৰ পৰা ৰাঘৱ লৰেন্সৰ প্ৰথম লুক মুকলি হৈছে। ৩১ জুলাইৰ পুৱা ১০ বজাত ছবিখনৰ পোষ্টাৰ মুকলি কৰা হৈছে।

Raghava Lawrence shares first look as Vettaiyan Raja from Chandramukhi 2, thanks Rajinikanth for blessings
চন্দ্ৰমুখী ২ ৰ পৰা ৰাঘৱ লৰেন্সৰ প্ৰথম লুক মুকলি

চিটাৰা ডেস্ক, 31 জুলাই: দক্ষিণৰ সুপৰিচিত অভিনেতা ৰাঘৱ লৰেন্স যোৱা কিছুদিনৰ পৰা তেওঁৰ আগন্তুক ছবি ‘চন্দ্ৰমুখী 2’ৰ বাবে লাইমলাইটত আছে । অভিনেতাগৰাকীৰ অনুৰাগীসকলে এই ছবিখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। ইফালে অনুৰাগীৰ বাবে ছবিখনৰ নিৰ্মাতাসকলে চন্দ্ৰমুখী 2 ৰ ভেট্টাইয়ানৰ চৰিত্ৰত ৰাঘৱ লৰেন্সৰ ফাৰ্ষ্ট লুক মুকলি কৰিছে । আজি অৰ্থাৎ 31 জুলাইৰ পুৱা 10 বজাত ছবিখনৰ পোষ্টাৰ মুকলি কৰা হৈছে । ইয়াৰ লগতে ছবিখনৰ মুক্তিৰ তাৰিখো প্ৰকাশ কৰা হৈছে ।

ৰাঘৱ লৰেন্সৰ অন্যন্য ৰূপ দেখা যাব ছবিখনত

ছবিখনৰ নিৰ্মাতাসকলে টুইটাৰত ‘চন্দ্ৰমুখী 2’ৰ পোষ্টাৰ শ্বেয়াৰ কৰি ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে। কংগনা ৰানাৱট আৰু ৰাঘৱ লৰেন্সৰ অভিনীত এই ছবিখন গণেশ চতুৰ্থী উপলক্ষে ছবিগৃহত মুক্তি পাব । এই ছবিখনৰ ঘোষণাৰ পিছৰে পৰা ছবিপ্ৰেমীসকল এই ছবিখনক লৈ অতিশয় উৎসাহিত হৈ পৰিছে । পি ভাছুৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত ৰাঘৱ লৰেন্সক মুখ্য চৰিত্ৰত দেখা যাব ।

কংগনাক এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব ছবিখনত

ইয়াৰ উপৰিও বলীউডৰ কুইন কংগনা ৰানাৱটক এই ছবিখনত মহিলা মুখ্য অভিনেত্ৰী হিচাপে দেখা যাব। লাইকা প্ৰডাকচন আৰু সুবাস্কৰণৰ প্ৰযোজনা কৰা এই ছবিখন ছেপ্টেম্বৰ মাহত তামিল, তেলেগু, হিন্দী, মালয়ালম আৰু কানাড়া ভাষাত মুক্তি পাব ।

ৰজনীকান্তৰ চন্দ্ৰমুখী ছবিখনৰ ছিকুৱেল

উল্লেখ্য যে চন্দ্ৰমুখী 2 2005 চনৰ ছুপাৰষ্টাৰ ৰজনীকান্ত অভিনীত ছবি চন্দ্ৰমুখীৰ ছিকুৱেল । শ্বুটিঙৰ সামৰণিৰ পিচত কংগনাই নিজৰ ছ’চিয়েল মিডিয়া একাউন্টত এটা আৱেগিক পোষ্ট কৰিছিল, য’ত অভিনেত্ৰীগৰাকীয়ে লিখিছিল,“আজি চন্দ্ৰমুখী ছবিখনৰ বাবে মোৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈছে ৷ ইমান ভাল মানুহবোৰক বিদায় দিবলগীয়া হোৱাত মই বৰ দুখী, মোৰ ইমান মৰমলগা দল আছিল।”

লগতে পঢ়ক:Sonu Nigam Birthday: চনু নিগমৰ এই পাঁচটা বিতৰ্কিত মন্তব্যই সৃষ্টি কৰিছিল ব্যাপক প্ৰতিক্ৰিয়াৰ, কি এই ৫ টা মন্তব্য ?

লগতে পঢ়ক:Sanjay Dutt Birthday: সঞ্জয় দত্তৰ ৩০৮ গৰাকী প্ৰেমিকাৰ কাহিনী কিমান দূৰ সত্য ? প্ৰেমিকাৰ বাবে পত্নীকো আওকাণ কৰিছিল নেকি তেওঁ ?

ABOUT THE AUTHOR

...view details