চিটাৰা ডেস্ক, 8 আগষ্ট: দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ অনুৰাগী কেৱল দেশতেই নহয় বিদেশতো আছে ৷ ২০২১ চনত মুক্তি পোৱা ‘পুষ্পা-দ্য ৰাইজ’ ছবিখনে অনুৰাগীৰ মাজত সৃষ্টি কৰিছিল আলোড়নৰ ৷ বক্স অফিচতো ছবিখনে অভিলেখ গঢ়িছিল ৷ এই ছবিখনত আল্লু অৰ্জুনৰ হৈতে দেখা গৈছিল ৰশ্মিকা মান্দান্নাক ।
এই ছবিখনৰ সফল ব্যৱসায়ৰ পিচত নিৰ্মাতাসকলে পুষ্পা-দ্য ৰুল 2 ৰ ঘোষণা কৰিছিল ৷ পুষ্পা 2 ৰ পৰা চাউথ ষ্টাৰ আল্লু অৰ্জুনৰ প্ৰথম লুক এপ্ৰিল মাহত তেওঁৰ জন্মদিনত মুক্তি পাইছিল । এতিয়া পুষ্পৰাজৰ আটাইতকৈ ডাঙৰ ভিলেইন অৰ্থাৎ ফাহাদ ফাচিলৰ প্ৰথম লুক মুক্তি পাইছে ।
পুষ্পা ২ ৰ পৰা ফাহাদ ফাচিলৰ ফাৰ্ষ্ট লুক
৮ আগষ্টত অৰ্থাৎ আজি ফাহাদ ফাছিলে উদযাপন কৰিছে ৪১ সংখ্যক জন্মদিন । জন্মদিনৰ এই বিশেষ ক্ষণত ছবিখনৰ পৰা প্ৰথম লুক মুকলি কৰি মেকাৰে তেওঁক আটাইতকৈ ডাঙৰ উপহাৰ প্ৰদান কৰে । পুষ্পা - দ্য ৰাইজৰ অংশও আছিল ফাহাদ , য’ত তেওঁ আৰক্ষী বিষয়া ভঁৱৰ সিং শ্বেখাৱতৰ চৰিত্ৰত অভিনয় কৰিছিল ।