চিটাৰা ডেস্ক, 17 জুন : পৰিচালক নাগ অশ্বিনৰ পৰিচালনাৰে আহিবলগীয়া ছবি প্ৰজেক্ট কে'ৰ শ্বুটিঙৰ সময়ত হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন ৷ অসুস্থ অভিনেত্ৰীগৰাকীক ততাতৈয়াকৈ হায়দৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ অসুস্থ অভিনেত্ৰীগৰাকীৰ স্বাস্থ্যক লৈ চিন্তিত জনপ্ৰিয় তেলেগু অভিনেতা প্ৰভাস ৷ সেয়ে বৰ্তমান প্ৰজেক্ট কে'ৰ নিৰ্মাতাসকলক ছবিখনৰ দৃশ্যগ্ৰহণ স্থগিত ৰাখিবলৈ অনুৰোধ জনাইছে ছবিখনৰ অভিনেতা প্ৰভাসে ৷
আনহাতে দীপিকাৰ স্বাস্থ্যৰ বিষয়ে অৱগত হোৱাত তেওঁৰ অনুৰাগীসকলে আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনাইছে ভগৱানৰ ওচৰত । অভিনেত্ৰীগৰাকীৰ হৃদস্পন্দন দ্ৰুত হোৱাত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও শীঘ্ৰেই তেওঁক অব্যাহতি দিয়া হৈছিল । এই ক্ষেত্ৰত বিশেষকৈ দীপিকাৰ স্বাস্থ্যৰ যত্ন লৈছিল তেওঁৰ সহ-অভিনেতা প্ৰভাসে(Prabhas helps Deepika to recover) ৷ আকস্মিকভাৱে ঘটা স্বাস্থ্যৰ অৱনতিত অভিনেতাগৰাকী কিছু চিন্তিত হৈ পৰিছিল ।
শেহতীয়াকৈ 'প্ৰজেক্ট কে'ৰ নিৰ্মাতাসকল এক গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হৈছে ৷ চুপাৰষ্টাৰ প্ৰভাসে জানিবলৈ দিয়া মতে, প্ৰকল্পটোৰ নিৰ্মাতাসকলে দৃশ্যগ্ৰহণ এসপ্তাহৰ বাবে স্থগিত ৰাখিব আৰু ইয়াক পুনঃনিৰ্ধাৰণ কৰিব (Project K Shooting postponed) ।