চিটাৰা ডেস্ক, 6 মে’:গ্ল’বেল তাৰকা প্ৰিয়ংকা চোপ্ৰাই নিৰ্ভয়ে ক’বলগীয়া সকলো কথা কেমেৰাৰ সন্মুখতে হওক বা ছ’চিয়েল মিডিয়াতেই হওক অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে । এই ক্ৰমত দেশী গাৰ্লে প্ৰকাশ কৰাৰ সময়ত তেওঁৰ এক তিক্ত স্মৃতি শ্বেয়াৰ কৰিছে । এক সাক্ষাৎকাৰৰ সময়ত প্ৰিয়ংকা চোপ্ৰাই কয় যে এবাৰ মেক্সিকান খাদ্য খোৱাৰ পিচত তেওঁৰ লগত কিবা এটা ‘লাজ লগা’ ঘটিছিল । প্ৰকাশৰ সময়ত তাই কয় যে এবাৰ তাই ৰাজহুৱা স্থানত পাদ মাৰিছিল, যাৰ বাবে তাই অতি লাজ অনুভৱ কৰিছিল আৰু এই কাহিনীটো তাই যিমান সোনকালে পাৰে পাহৰি যাব বিচাৰে ।
এটা সাক্ষাৎকাৰত প্ৰিয়ংকাই সেই সময়ৰ কথা মনত পেলাই কয় যে ‘মই এবাৰ ৰাজহুৱা স্থানত ফাৰ্টি কৰিছিলোঁ । আচলতে দুপৰীয়াৰ আহাৰত মেক্সিকান খাদ্য খাইছিলোঁ আৰু তাৰ পিচত ৰাজহুৱা স্থানত পাদ মাৰিছিলো । এই কথাটো কোনেও গম পোৱা নাছিল ।’ অৱশ্যে চিটাডেলৰ অভিনেত্ৰীগৰাকীয়ে এই ঘটনা কেতিয়া আৰু ক’ত সংঘটিত হয় সেই কথা প্ৰকাশ কৰা নাই । প্ৰিয়ংকা চোপ্ৰাও নিজৰ স্পষ্টবাদীতাৰ বাবে জনাজাত (Priyanka Chopra tasted Mexican food)। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নাকৰ অস্ত্ৰোপচাৰৰ কথা কয় । তেওঁ ক’লে যে সেই সময় ক’লা সময় । তিনিখন ভিন্ন ছবিৰ পৰা বৰ্খাস্ত কৰা হৈছিল আৰু অনুভৱ কৰিছিল যে অভিনয় কেৰিয়াৰ আৰম্ভ হোৱাৰ আগতেই শেষ হৈ গৈছে, যাৰ বাবে তেওঁ হতাশাত ভুগিছিল (Priyanka Chopra)।