চিটাৰা ডেস্ক, ৫ জানুৱাৰী : বলীউডৰ অভিনেত্ৰী ইলিয়ানা ডি ক্ৰুজ নিজৰ পেছাগত জীৱনতকৈ অধিক নিজৰ ব্যক্তিগত জীৱনৰ বাবে বাতৰিৰ শিৰোনামত থাকে । যোৱা বছৰ মাতৃ হৈছিল ইলিয়ানা । ২০২৩ চনৰ ১ আগষ্টত এটি পুত্ৰ সন্তান জন্ম দিছিল অভিনেত্ৰীগৰাকীয়ে । কিন্তু ইলিয়ানাই গৰ্ভধাৰণৰ কথা ঘোষণা কৰাৰ পিচৰে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ কাৰণ ইলিয়ানা অবিবাহিত ৷
গতিকে বিবাহ নোহোৱাকৈ মাতৃ হোৱাৰ বাবেই অভিনেত্ৰীগৰাকীয়ে চৰ্চা লাভ কৰি আহিছে ৷ অৱশ্যে ইলিয়ানাই নিজৰ প্ৰেমিক মাইকেলৰ সন্দৰ্ভত কিছুদিন পূৰ্বে এটা পোষ্ট শ্বেয়াৰ কৰিছিল ৷ যিটোত বহু কথা প্ৰকাশ কৰিছিল অভিনেত্ৰীগৰাকীয়ে ৷
এতিয়া ইলিয়ানা মাইকেল আৰু পুত্ৰ ক’য়াৰ সৈতে আমেৰিকাত থাকে । কিন্তু পুত্ৰৰ জন্মৰ পিচত প্ৰথমবাৰৰ বাবে সাক্ষাৎকাৰ দিছে ইলিয়ানাই । এই সাক্ষাৎকাৰত পোনপ্ৰথমবাৰৰ বাবে পুত্ৰ আৰু সংগীৰ কথা উল্লেখ কৰে ৷ ইফালে বিয়াৰ বিষয়ে চলি বাতৰিক লৈও ইলিয়ানাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
সংবাদ মাধ্যমৰে হোৱা এক বিশেষ বাৰ্তালাপত ইলিয়ানাই কয়, ‘‘প্ৰসৱৰ পিচত যি হতাশা হয়, ইয়াৰ বাবে কোনেও আপোনাক প্ৰস্তুত কৰিব নোৱাৰে । মোৰ ভাগ্য ভাল যে মোৰ ঘৰত সহায়ক ব্যৱস্থা আছে আৰু মোৰ বিশেষ যত্ন লোৱা চিকিৎসকৰ এটা দল আছে’’ ।