চিটাৰা ডেস্ক, 9 ডিচেম্বৰ :মালাইকা আৰোৰা বলীউডৰ এনেকুৱা এটা চৰিত্ৰ যি আইটেম নাম্বাৰৰ পৰা আৰম্ভ কৰি জীৱনৰ প্ৰতিটো কথাৰ বাবেই বাতৰিৰ শিৰোনামত থাকে ৷ কেইবাখনো হিট ছবিত মালাইকাই দিছে কেইবাটাও হিট আইটেম নাম্বাৰ ৷
এসময়ত আৰবাজ খানৰ সৈতে মালাইকাৰ প্ৰেম কাহিনীক প্ৰেমৰ সুন্দৰ নিদৰ্শন হিচাপে দাঙি ধৰা হৈছিল ৷ যি সময়ত চাৰিওফালে বিশ্বাসঘাটকতা, বিবাহ বিচ্ছেদৰ বাতৰিয়ে শিৰোনামা দখল কৰি আছিল সেই সময়ত আৰবাজ-মালাইকাই বৰ্তাই ৰখা দীৰ্ঘদিনীয়া বৈবাহিক সম্পৰ্কৰ বাবে সকলোৰে আগত আদৰ্শ হৈ ধৰা দিছিল ৷ কিন্তু চিৰস্থায়ী নহ’ল এই সম্পৰ্কও ৷ আঁতৰি আহিল আৰবাজ মালাইকা এজনে আনজনৰ পৰা ৷
আৰবাজ-মালাইকাৰ বিচ্ছেদৰ সময়ছোৱাত সকলো হতবাক হৈ পৰিছিল ৷ বলীউডত বিবাহ আৰু বিবাহ বিচ্ছেদ তেনেই সাধাৰণ যেন অনুমান হৈছিল সকলোৰে বাবে ৷ কিন্তু পিছলৈ বুজি উঠিলে অনুৰাগীয়ে যে আঁতৰি থাকিও সহৃয়তা আৰু মানৱীয়তাৰে জীয়াই থাকিব পাৰি ৷ কিয়নো বিচ্ছেদৰ পিছত দুয়োৱে বৰ্তাই ৰাখিছে এক বন্ধুত্বপূৰ্ণ সম্বন্ধ ৷ তেওঁলোকৰ একমাত্ৰ সন্তানৰ বাবে সদায় পিতৃ-মাতৃ হিচাপে দায়িত্ব একেলগে পালন কৰি আহিছে দুয়োৱে ৷ বিচ্ছেদৰ পিছত কেতিয়াও মালাইকা আৰু আৰবাজে এজনে আনজনকলৈ কটু মন্তব্য কৰা দেখা নাই ৷
আঁতৰি আহি দুই তাৰকাই ব্যক্তিগত জীৱনত আগবাঢ়ি গ’ল ৷ কিন্তু থমকি ৰ’ল একাংশ দৰ্শক ৷ তেওঁলোকে এতিয়াও এই বিচ্ছেদৰ কথা উনুকিয়াই ৰস পাই ৷ ব্যক্তিগত ভাৱে একো একোজন সাৰথিৰ সৈতে জীৱনত আগবাঢ়ি যোৱা মালাইকা আৰু আৰবাজক ট্ৰ’ল কৰি ভাল পাই, তেওঁলোকৰ ওপৰত মিম বনাই ভাল পাই ৷ বহু ক্ষেত্ৰত তাৰকাসকলে ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি থকাৰ এটাই কাৰণ, ‘ট্ৰ’ল’ ৷