অসম

assam

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 11:52 AM IST

ETV Bharat / entertainment

মহেশ বাবু অভিনীত গুন্টুৰ কৰমৰ বিস্ফোৰক ট্ৰেইলাৰ মুকলি

Guntur Kaaram Trailer: মুক্তি পালে মহেশ বাবুৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘গুন্টুৰ কৰম’ৰ ট্ৰেইলাৰ । ট্ৰেইলাৰত মহেশ বাবুৰ জোৰদাৰ একশ্যনে অনুৰাগীৰ হৃদয় জয় কৰিছে ।

Mahesh Babu's Guntur Kaaram trailer out
গুন্টুৰ কৰমৰ ট্ৰেইলাৰ

চিটাৰা ডেস্ক, ৮ জানুৱাৰী:মুক্তি পালে মহেশ বাবু অভিনীত আটাইতকৈ প্ৰত্যাশিত ছবি "গুন্টুৰ কৰম"ৰ জোৰদাৰ ট্ৰেইলাৰ । ট্ৰেইলাৰটোত ছুপাৰষ্টাৰ মহেশ বাবুৰ জোৰদাৰ একশ্যন, ডেশ্যিং লুকে অনুৰাগীৰ হৃদয় জয় কৰিছে । মহেশ বাবুৰ এই ছবিখনৰ বাবে অনুৰাগীয়ে বহুদিন ধৰি অপেক্ষা কৰি আছিল । আচলতে মহেশ বাবুক শেষবাৰৰ বাবে ২০২২ চনত মুক্তি পোৱা তেওঁৰ ছবি ‘সৰকাৰু ৱাৰী পট্টা’ত দেখা গৈছিল । কিন্তু ২০২৩ চনত অভিনেতাগৰাকীৰ কোনো ছবি পৰ্দাত মুক্তি পোৱা নাছিল । এনে পৰিস্থিতিত অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছিল ‘গুন্টুৰ কৰম’ৰ বাবে ।

'গুন্টুৰ কৰম'ৰ ট্ৰেইলাৰ ওলোৱাৰ পিচতে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰে । মহেশ বাবুৱে ছবিখনত ৰমন ৰেড্ডীৰ চৰিত্ৰত অভিনয় কৰিছে । ডাঙৰ পুত্ৰ ৰমনক ত্যাগ কৰা এগৰাকী মাতৃৰ চৰিত্ৰত অভিনয় কৰিব ৰম্যা কৃষ্ণনে । মহেশ বাবু আৰু শ্ৰীলীলাৰ ৰোমান্টিক কেমিষ্ট্ৰী ছবিখনত দেখা যাব ।

ত্ৰিবিক্ৰম শ্ৰীনিবাসৰ পৰিচালনাত নিৰ্মিত ‘গুন্টুৰ কৰম’ ছবিখনত মহেশ বাবুৰ উপৰিও শ্ৰীলীলা আৰু মীনাক্ষী চৌধুৰীয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব । উল্লেখযোগ্য যে ছবিখনৰ আৰম্ভণিতে পূজা হেগড়েক শ্ৰীলীলাৰ চৰিত্ৰৰ বাবে নিৰ্বাচিত কৰা হৈছিল । কিন্তু কিবা কাৰণত পূজাই এই প্ৰজেক্টৰ পৰা আঁতৰি আহিবলগীয়া হৈছিল । ইয়াৰ পিচত চিত্ৰনাট্যত ডাঙৰ পৰিৱৰ্তন কৰা হৈছিল আৰু দৃশ্যবোৰ পুনৰ শ্বুটিং কৰিবলগীয়া হৈছিল ।

কেতিয়া মুক্তি পাব ছবিখন ?

১২ জানুৱাৰীত ছবিগৃহত মুক্তি পাব ‘গুন্টুৰ কৰম’ আৰু মুক্তিৰ ঠিক পিচদিনা অৰ্থাৎ ১৩ জানুৱাৰীত ভেংকটেশৰ ‘সৈন্ধৱ’ আৰু ১৪ জানুৱাৰীত তেজা সাজ্জাৰ ‘হনুমান’ৰ উপৰিও নাগাৰ্জুনৰ ‘ন সমী ৰঙা’ মুক্তি পাব পৰ্দাত । এনে পৰিস্থিতিত ছবিখনৰ ব্যৱসায়ত প্ৰভাৱ পৰিব পাৰে । উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰবি তেজাৰ ঈগল ছবিখন ১৩ জানুৱাৰীত মুক্তি পোৱাৰ কথা আছিল যদিও মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছে ।

লগতে পঢ়ক:প্ৰথমবাৰৰ বাবে দ্বৈত চৰিত্ৰত দেখা যাব মনোজ বাজপেয়ীক, চাওক কিলাৰ ছুপৰ ট্ৰেইলাৰ

ABOUT THE AUTHOR

...view details