চিটাৰা ডেস্ক, ১ জানুৱাৰী: বিগত বৰ্ষৰ নৱেম্বৰ মাহত মণিপুৰৰ ইম্ফলত অভিনেত্ৰী তথা মডেল লিন লাইশ্ৰমৰ সৈতে বিবাহপাশত আৱদ্ধ হয় বলীউডৰ প্ৰতিভাৱান অভিনেতা ৰণদ্বীপ হুড্ডা ৷ মণিপুৰী পৰম্পৰাগত নীতি-নিয়মেৰে বিয়া পাতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল এই দম্পতীয়ে । পিচত ২০২৩ চনৰ ১১ ডিচেম্বৰত নৱবিবাহিত দম্পতীয়ে মুম্বাইত এক গ্ৰেণ্ড ৰিচেপচন পাৰ্টিৰো আয়োজন কৰে ৷ তেতিয়াৰ পৰাই এই যুটিয়ে ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰি আহিছে । ইয়াৰ মাজতে শেহতীয়াকৈ ৰণদ্বীপক বিমানবন্দৰত তেওঁৰ পত্নী লিনৰ সৈতে দেখা গৈছিল । দৰাচলতে এই নৱবিবাহিত দম্পতীয়ে নৱবৰ্ষ আৰু হানিমুনৰ বাবে কেৰালালৈ গৈছে আৰু এতিয়া হানিমুনৰ মৰমলগা ছবি শ্বেয়াৰ কৰিছে দম্পতীয়ে ।
কেৰালাত হানিমুন উদযাপন ৰণদ্বীপ-লিনৰ
বলীউডৰ বহু চেলিব্ৰিটিয়ে নৱবৰ্ষ উদযাপনৰ বাবে বিদেশলৈ ভ্ৰমণ কৰা দেখা গৈছে ৷ কিন্তু ইয়াৰ বিপৰীতে ৰণদ্বীপ আৰু লিনে ঘৰুৱা ভ্ৰমণৰ সিদ্ধান্ত লৈছে আৰু ভাৰততে হানিমুন আৰু নৱবৰ্ষ উদযাপন কৰা পৰিলক্ষিত হৈছে । সেয়েহে, বিদেশৰ পৰিৱৰ্তে এই দম্পতীয়ে হানিমুনৰ বাবে কেৰালালৈ গৈছে ।