চিটাৰা ডেস্ক, 11 আগষ্ট: ছনী টিভিৰ আটাইতকৈ জনপ্ৰিয় শ্ব’ হৈছে ‘কৌন বনেগা ক্ৰোৰপতি’ ৷ বহু বছৰৰ পৰা অনুৰাগীৰ হৃদয়ত শাসন কৰি আহিছে এই শ্ব’টোৱে ৷ দেশৰ ভিতৰতে দীৰ্ঘদিনীয়া ৰিয়েলিটি শ্ব’ৰ ভিতৰত অন্যতম কেবিচি । ২০০০ চনত কেবিচিৰ আৰম্ভণি হৈছিল আৰু ইয়াৰ প্ৰথম ছিজনত ইয়াক অতিশয় প্ৰশংসা কৰা হৈছিল । শ্ব’টোৰ প্ৰথম ছিজনত পুৰস্কাৰৰ ধন আছিল এক কোটি টকা । এই শ্ব’টোৰ আঁত ধৰোতাৰ ৰূপত প্ৰত্যেকবাৰেই আমি দেখা পাওঁ বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনক ৷
কিন্তু আপুনি জানেনে অমিতাভ বচ্চনে প্ৰতিটো খণ্ডৰ কিমান টকা লয় ?
২০০৫ চনত দ্বিতীয় ছিজনত পুৰস্কাৰৰ ধন দুগুণ বৃদ্ধি পাই ২ কোটি টকা হয় আৰু ৩য় ছিজনলৈকে একেই থাকে । কিন্তু ২০১০ চনত ছিজন ৪ ৰ পুৰস্কাৰৰ ধন পুনৰ ১ কোটি টকালৈ হ্ৰাস পায় । ২০১৩ চনত ৭ম ছিজনৰ পৰা পুৰস্কাৰৰ ধন ৭ কোটি টকালৈ বৃদ্ধি কৰা হয় । শ্ব’টোৰ পুৰস্কাৰৰ ধনৰ কথা কোৱা হয় যদিও আজি আমি এই অনুষ্ঠানটো সঞ্চালনা কৰা অমিতাভ বচ্চনে প্ৰতিটো ছিজনতে কিমান মাচুল লয় সেই বিষয়ে ক’ম ।
এই অনুষ্ঠানটো আৰম্ভ হোৱাৰ সময়ত অমিতাভ বচ্চনে প্ৰতিটো খণ্ডৰ বাবে ২৫ লাখ টকা লৈছিল । যেতিয়া প্ৰথমটো ছিজন হিট হৈছিল, তেতিয়া অমিতাভে নিজৰ মাচুল ১ কোটিলৈ বৃদ্ধি কৰিছিল ।