অসম

assam

ETV Bharat / entertainment

Kartik Aaryan Shehzada: শ্বেহজাদা মুক্তিৰ দিনা কাৰ্তিকে ল’লে গণপতি বাপ্পাৰ আশীৰ্বাদ

আজি 17 ফেব্ৰুৱাৰীত দেশৰ লগতে বিশ্বত মুক্তি লাভ কৰা কাৰ্তিক আৰ্য়ানৰ ‘শ্বেহজাদা’ ছবিখনৰ বাবে প্ৰাৰ্থনা কৰিবলৈ মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰত বাপ্পাৰ আশ্ৰয় শিবিৰত উপস্থিত হয় কাৰ্তিক আৰ্য়ান । অভিনেতা গৰাকীয়ে তাৰ পৰা নিজৰ এখন ছবিও শ্বেয়াৰ কৰিছে (Kartik Aaryan news) ।

Kartik Aaryan
কাৰ্তিকে ল’লে গণপতি বাপ্পাৰ আশীৰ্বাদ

By

Published : Feb 17, 2023, 8:32 PM IST

চিটাৰা ডেস্ক, 17 ফেব্ৰুৱাৰী :17 ফেব্ৰুৱাৰীৰ দিনটো বলীউডৰ অন্যতম সুদৰ্শন অভিনেতা কাৰ্তিক আৰ্য়ানৰ বাবে এক অতি বিশেষ দিন । কাৰণ আজিৰ দিনটোতে তেওঁৰ বহু প্ৰতীক্ষিত ছবি ‘শ্বেহজাদা’ ছবিগৃহত চলিবলৈ আৰম্ভ কৰিছে । ছবিখন মুক্তি পোৱাৰ দিনা উগুল-থুগুল হৈ থকা মনটো শান্ত কৰিবলৈ কাৰ্তিক আৰ্য়ানে গণপতি বাপ্পাৰ আগত প্ৰণাম কৰি তেওঁৰ আশীৰ্বাদ বিচাৰিছে (Kartik Aaryan Ganpati Bappa) ।

‘শ্বেহজাদা’ ছবিখনৰ মুক্তিৰ দিনা ভগৱান গণেশৰ আশীৰ্বাদ বিচাৰি মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰত উপস্থিত হয় বলীউডৰ অভিনেতা কাৰ্তিক আৰ্য়ান (Kartik Aaryan Shehzada Release) । ছবিখন মুক্তি পোৱাৰ পিচতে কাৰ্তিকে সামাজিক মাধ্যমযোগে নিজৰ এখন ফটো শ্বেয়াৰ কৰে, য’ত তেওঁ বাপ্পাৰ সন্মুখত মূৰ দোৱাই হাত যোৰ কৰি ছবিখনৰ বাবে প্ৰাৰ্থনা কৰি থকা দেখা গৈছে ।

কাৰ্তিক আৰ্য়ানে বাপ্পাৰ সন্মুখত হাত যোৰ কৰি ফটো এখন শ্বেয়াৰ কৰি লিখিছে, ‘গণপতি বাপ্পা মৌৰ্যা, বাপ্পাৰ আশীৰ্বাদৰ পিচত, এতিয়া শ্বাহজাদা আপোনাৰ’ (Kartik Aaryan Shehzada) । কাৰ্তিকৰ এই পোষ্টটো তেওঁৰ হাজাৰ হাজাৰ অনুৰাগীয়ে লাইক কৰিছে আৰু তেওঁলোকে অভিনেতাজনক সাহস দিছে আৰু ছবিখনৰ বাবে শুভেচ্ছা জনাইছে । ইয়াৰ আগতেও কাৰ্তিক আৰ্য়ানে ‘ভুল ভুলইয়া 2’ ছবিখনৰ বাবে সিদ্ধিবিনায়কত উপস্থিত হৈছিল । ‘ভুল ভুলাইয়া 2’ ছবিখনে বক্স অফিচত 250 কোটিৰো অধিক ধন সংগ্ৰহ কৰে ।

আপোনালোকক জনাও যে কাৰ্তিকৰ ‘ভুল ভুলইয়া 2’ ৰ পৰা দৰ্শকৰ আকৌ চিনেমা চোৱাৰ প্ৰতি আগ্ৰহ বাঢ়িল । বয়কটবলীউডে গা কৰি থকাৰ সময়তে এই ছবিখনে বলীউডৰ ভেটি মজবুত কৰিবলৈ সক্ষম হৈছিল ।

‘শ্বেহজাদা’ ছবিখনত কাৰ্তিক আৰ্য়ানৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেত্ৰী কৃতি সেননে ( Shehzada cast) । ছবিখনৰ পৰিচালনা কৰিছে ৰোহিত ধৱনে । আল্লু অৰ্জুন আৰু পূজা হেগড়ে মুখ্য চৰিত্ৰত থকা চাউথৰ চুপাৰহিট ছবি ‘আলা বৈকুণ্ঠপুৰমলো’ৰ অফিচিয়েল হিন্দী ৰিমেক এই ছবিখন । দক্ষিণৰ এই ছবিখনে বক্স অফিচত 250 কোটিতকৈয়ো অধিক টকাৰ ব্যৱসায় কৰিছিল, যাৰ ফলত আল্লু অৰ্জুনৰ জনপ্ৰিয়তা বৃদ্ধি পাইছিল ।

লগতে পঢ়ক :Jodhaa Akbar movie: জনপ্ৰিয় ছবি যোধা-আকবৰৰ সফলতাৰ পোন্ধৰটা বছৰ

ABOUT THE AUTHOR

...view details