চিটাৰা ডেস্ক, 15 এপ্ৰিল:বৃহস্পতিবাৰে মুম্বাইত বিবাহ পাশত আৱদ্ধ হ’ল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট ৷ বান্দ্ৰাস্থিত নিজৰ ঘৰৰ বেলকনিতে সম্পন্ন হ’ল বিবাহ কাৰ্য ৷ পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুবৰ্গৰ উপস্থিতিত আজীৱনৰ বাবে একেডাল এনাজৰীতে বান্ধ খালে দুয়ো ৷ কাপুৰ পৰিয়ালৰ এইখন বিয়াই বহু সময় ধৰি চৰ্চা লাভ কৰি আহিছিল ৷ বলীউডত এই কাপুৰ পৰিয়ালৰ আছে নিজা এক সত্বা (Bollywood Kapoor family) ৷ ‘দ্য কাপুৰছ্’, ‘কাপুৰ খাণ্ডান’ এই বুলি ক’লেই সকলোৰে পৰিচিত হৈ পৰে ৷ তাত আকৌ অন্য ধৰণে চিনাকি দিয়াৰ প্ৰয়োজন আহি নপৰে ৷
এই কাপুৰ পৰিয়ালৰ জীয়ৰী কৰীণা বলীউডত সাংঘাতিক ধৰণে জনপ্ৰিয় ৷ ট্ৰ’ল খাই যদিও কৰীণাই সেইবোৰলৈ কেৰেপ নকৰে কাৰণ অভিনেত্ৰী গৰাকীয়ে জানে যে তেওঁৰ প্ৰকৃত অনুৰাগীয়ে তেওঁক কিমান ভাল পায় ৷ এই কৰীণা কাপুৰে এইবাৰ সাংঘাতিক লাইম লাইট পালে ভাতৃ ৰণবীৰ কাপুৰৰ বিয়াত ৷ কৰীণাই নিজৰ ইনষ্টাগ্ৰামৰ জৰিয়তে ৰণবীৰ আলিয়াৰ ফটো শ্বেয়াৰ কৰি শুভকামনা যাচে ৷