চিটাৰা ডেস্ক, 26 অক্টোবৰ: বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটে প্ৰায়ে নিজৰ মন্তব্যৰ বাবে লাইমলাইটত থাকে ৷ প্ৰায় সকলো বিষয়তে কংগনাই ছ’চিয়েল মিডিয়াত নিজৰ মতামত শ্বেয়াৰ কৰা দেখা যায় ৷ ইফালে অভিনেত্ৰীগৰাকী বৰ্তমান তেওঁৰ ছবি তেজসৰ বাবে লাইমলাইটত আছে ৷ কাইলৈ ছবিগৃহত মুক্তি লাভ কৰিব অভিনেত্ৰীগৰাকীৰ ছবি তেজস । ছবিখন মুক্তি পোৱাৰ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে জোৰদাৰভাৱে প্ৰচাৰ চলাইছে । শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে দিল্লীৰ ৰামলীলা ময়দানত ৰাৱণ দহন পৰ্বত ভাগ লৈছিল । এই কথাতে এতিয়া ৰাজনীতিবিদ সুব্ৰমণিয়াম স্বামীয়ে ছ’চিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীক লক্ষ্য কৰি লৈছে । এতিয়া এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
দৰাচলতে এজন ব্যক্তিয়ে এক্স (টুইটাৰ)ত কংগনা ৰানাৱটৰ বিকিনি পৰিধান কৰা ফটো শ্বেয়াৰ কৰিছিল । এই ফটোখন শ্বেয়াৰ কৰি সুব্ৰমণিয়াম স্বামীয়ে কংগনাক টাৰ্গেট কৰি লয় । কংগনাক দিয়া নিৰাপত্তাক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে । ইয়াৰ উপৰিও ৰামলীলা ময়দানত কংগনাক অতিথি হিচাপে নিমন্ত্ৰণ কৰাৰ বিৰোধিতা কৰে । এতিয়া কংগনা ৰানাৱটেও সুব্ৰমণিয়ামৰ মন্তব্যৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
সুব্ৰমণিয়াম স্বামীক উত্তৰ দি কংগনাই কয় - সাঁতোৰৰ পোছাক পৰিধান কৰা ফটো আৰু এটা নিম্ন চিন্তা ধাৰাৰে আপুনি ক’বলৈ চেষ্টা কৰিছে নেকি যে মোৰ শৰীৰৰ মাংস দান কৰাৰ বাহিৰে মোৰ ৰাজনীতিত বাট উলিওৱাৰ আন কোনো উপায় নাই । মই এগৰাকী শিল্পী আৰু নিশ্চিতভাৱে হিন্দী ছবিৰ অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰী । মই এগৰাকী লেখক, পৰিচালক, প্ৰযোজক, সোঁপন্থী ইনফ্লুঞ্চাৰ আৰু লগতে বিপ্লৱী ।