চিটাৰা ডেস্ক, ৩ ডিচেম্বৰ: জীৱন-মৃত্যুৰে যুঁজিছে অভিনেতা জুনিয়ৰ মেহমুদে ৷ দৰাচলতে অভিনেতাগৰাকী চতুৰ্থ পৰ্যায়ৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত । যোৱা দুমাহ ধৰি অসুস্থ হৈ আছিল জুনিয়ৰ মেহমুদ আৰু হঠাতে তেওঁৰ ওজন কমিবলৈ আৰম্ভ কৰে ৷ ইয়াৰ পিচত চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তেওঁৰ পৰীক্ষা কৰা হয় ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে নৱেম্বৰ মাহতেই তেওঁৰ ৰোগ ধৰা পৰে । এই তথ্য শ্বেয়াৰ কৰিছে তেওঁৰ ঘনিষ্ঠ বন্ধু ছালাম কাজীয়ে ।
সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা কথা-বতৰাত ছালাম কাজীয়ে কয়, ‘‘তেওঁ ২ মাহ ধৰি অসুস্থ হৈ আছিল আৰু প্ৰথমতে আমি ভাবিছিলো যে তেওঁৰ কিছু সৰু সমস্যা হ’ব ৷ কিন্তু তাৰ পিচত হঠাতে তেওঁৰ ওজন কমিবলৈ ধৰিলে আৰু যেতিয়া মেডিকেল ৰিপ’ৰ্ট আহিল তেতিয়া কোৱা হ’ল যে তেওঁ যকৃত আৰু হাঁওফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত আৰু অন্ত্ৰত টিউমাৰ আৰু জণ্ডিচতো আক্ৰান্ত হৈছে । অৱশ্যে চিকিৎসা চলি আছে, কিন্তু চিকিৎসকে আমাক জনাইছে যে এয়া চতুৰ্থ পৰ্যায়ৰ কেন্সাৰ ।’’
চিকিৎসকে দিলে ৪০ দিনৰ সময়
ছালাম কাজীয়ে লগতে কয়, ‘‘জুনিয়ৰ মেহমুদৰ হাওঁফাওঁ আৰু শৰীৰত কেন্সাৰ বিয়পি পৰিছে । চিকিৎসকে তেওঁক মাত্ৰ ৪০ দিনৰ সময় দিছে । বৰ্তমান অভিনেতাগৰাকী ঘৰতে চিকিৎসাধীন হৈ আছে ।’’