চিটাৰা ডেস্ক, 29 অক্টোবৰ :প্ৰবীণ অভিনেত্ৰী জয়া বচ্চন গৰম মেজাজৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনামাত থাকে । ক’ৰবালৈ অহা-যোৱা কৰা সময়ত অভিনেত্ৰীগৰাকীয়ে ফটো তোলাৰ বাবে পাপাৰাজ্জীৰ সৈতে প্ৰায়ে বিতৰ্কত লিপ্ত হয় । এতিয়া জয়া বচ্চন পুনৰ চৰ্চালৈ আহিছে ৷ নাতিনী নব্যা নভেলী নন্দা সন্দৰ্ভত এটা মন্তব্য দি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে জয়াই ৷ ‘শ্বোলে’ খ্যাতিসম্পন্ন অভিনেত্ৰী জয়াই নাতিনীয়েক নব্যাৰ কিডছ এণ্ড ফেমিলি প’ডকাষ্ট ‘What the hell Navya’ত এই মন্তব্য আগবঢ়ায় (Navya new podcast What the Hell Navya) । জয়াই নাতিনী নব্যাৰ বিষয়ে কৈছে যে নব্যাৰ ৰ ‘বিবাহ অবিহনে সন্তান’ থাকিলে তেওঁৰ কোনো সমস্যা নাই ।
নাতিনীৰ প’ডকাষ্টত নাতিনীয়েক নব্যাৰ সৈতে কথা পাতোতে জয়াই কয়, ‘আমি আমাৰ সময়ত কোনো পৰীক্ষা-নিৰীক্ষা কৰিব পৰা নাছিলো, শাৰিৰীক আকৰ্ষণ অতি গুৰুত্বপূৰ্ণ, কেৱল প্ৰেম আৰু সতেজ বতাহ আৰু এডজাষ্টমেণ্টেৰে জীৱন আগবঢ়াই নিব নোৱাৰি, মই আপত্তি নকৰো যদি নব্যাই 'বিবাহ অবিহনে সন্তান জন্ম দিয়ে' ।